আকাশবন্তি গগৈ,ধেমাজি
ভ্ৰাম্যভাষ-৯৭০৭৭৫৮৪৫০
মোৰ চোতালত এজোপা সোণাৰু ফুলিছে
চোতালৰ গা-ঢাকি জোনাক হৈ পৰিছে
কণ কণ হালধীয়া হাঁহি
মোৰ চোতালত এজোপা সোণাৰু ফুলিছে
আকাশত জোৱাৰ তোলা ফুলবোৰে
কেনেকৈ যে আকুল কৰি মাতিছে
চুই চাওঁনে
খোপাত পিন্ধোনে
নে ডুব যাওঁ থুপি থুপি সোণগুটিৰ সমৃদ্ধ পোহাৰত
আস্
মোৰ কলিজাৰ সুৰ
সোণাৰুৰ দীঘলীয়া উশাহ হৈ সোমাই আহানা
ৰ’দাই-ঢৌৱাই মোৰ বুকুৰ উপত্যকা ৷
