✍️ নয়ন মণি দাস, ঢকুৱাখনা

ভ্ৰাম্যভাষ-৮৪৭৩০৪৮৬৪৭


সাধুকথা এটা ভটিয়াই যোৱাৰ পিছত
গাওঁবোৰ হ’ল গাভৰু হ’ল
ৰোৱাতী পথাৰৰ অসুখ বাঢ়িল
মʼহঘুলিত মেঘ এচপৰা খহিল

বজ্ৰপাতত নিতাল চুবুৰী
চাৰিকড়ীয়া পঁয়া লাগিল
বুকুৰ কুটুমে ৰান্ধি-বাঢ়ি
উদং কৰি গ’ল চৰু

শালিকা যুটীয়া লগা ঠাইতে
মই থিয় দি থাকিলো
এতিয়াটো মোৰ
ৰ’দ,বৰষুণৰ লগতেই সহবাস

যি হ’ল ভালেই হ’ল
সলনি নহʼলো।