✍️ড° প্ৰান্তিকা শৰ্মা
কবিতাৰ নানা দেশ
কবিতাৰ নানা ভেশ
কবিতাৰ ভাষা বিশ্বজনীন,
কবিতাৰ শব্দ বিশ্বমানৱৰ হৃদয়তন্ত্রীৰ অনিৰুদ্ধ প্রতিধ্বনি। যদি সেয়ে হয়, যদি বিশ্বজনীন ভাষাৰে কবিতাই মানুহৰ হৃদয়ৰ কথা কয় তেনেহলে দেশ ভেদে কবিতাৰ ভিন্ন ভেশ থাকিব পাৰেনে? আহক এই শিতানত আমি ভৌগোলিক পৰিসীমা নির্বিশেষে আলাপ কৰো কবি আৰু কবিতাৰ। এইবাৰৰ বিষয়:- মহাকবি কালিদাস আৰু উইলিয়াম শ্যেক্সপীয়াৰৰ কাব্য:
বিশ্বসাহিত্যৰ ইতিহাসত সংস্কৃত সাহিত্যৰ “কবিকুলগুৰু” খ্যাত কালিদাস আৰু ইংৰাজী সাহিত্যৰ “The immortal Bard” ৰূপে সমাদৃত উইলিয়াম শ্যেক্সপীয়াৰ দুটি অনির্বাপিত নাম। ১৬ শ শতাব্দীৰ ইংলেণ্ডৰ শ্যেক্সপীয়াৰ আৰু খ্রীষ্টপূর্ব ৪/৫ শতিকাৰ ভাৰতত বিক্ৰমাদিত্যৰ ৰাজসভাৰ অন্যতম এক নৱৰত্ন কালিদাসে দুই ভিন্ন সভ্যতা সংস্কৃতি আৰু যুগক প্ৰতিনিধিত্ব কৰিলেও বিশ্ব সাহিত্যৰ এই দুই যুগল নক্ষত্ৰৰ কাব্যৰস বিশ্বমানবীয়, কালঅতিক্ৰান্ত আৰু আজিও সমানেই প্ৰাসংগিক৷
সংস্কৃত কাব্যসাহিত্যৰ চিৰজ্যোতিস্মান নক্ষত্ৰ কালিদাস আছিল জ্ঞান বুদ্ধি আৰু সৃজনশীলতাৰ এক কিংবদন্তি স্বৰূপ৷ তেওঁক সেয়ে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ সন্তান বুলিও কোৱা হয়৷ প্ৰকৃতিৰ বন্দনা, দৰ্শন, পৌৰাণিক কাহিনী আৰু গভীৰ আধ্যাত্মিক চিন্তাধাৰা নিহিত কালিদাসৰ অমৰ সৃষ্টিসমুহে তেওঁৰ মৃত্যুৰ দুহেজাৰ বছৰৰ পাছতো বিশ্বমানসত সমাদৃত হৈ আছে৷ ভাৰতৰ শিল্প আৰু সাহিত্যৰ সূৱৰ্ণ যুগ ৰূপে চিহ্নিত গুপ্তযুগত সৃষ্ট কালিদাসৰ কালজয়ী নাটকসমুহ হ’ল ‘অভিজ্ঞান শকুন্তলম্’, ‘মালবিকাগ্নিমিত্ৰম’ আৰু ‘বিক্ৰমোৰ্বশীয়ম্’৷ তেওঁ ৰচনা কৰা দুখন মহাকাব্য হ’ল ‘ৰঘুবংশম্’ আৰু ‘কুমাৰসম্ভৱম্’৷ তাৰোপৰি কালিদাসৰ ‘মেঘদুতম্’ আৰু ‘ঋতুসংহাৰম্’ এই দুয়োখন লঘুকাব্য বুলি জনা যায়৷ দুষ্মন্ত আৰু শকুন্তলাৰ প্ৰেম, শাপৰ বাবে বিচ্ছেদ আৰু পুনৰমিলনৰ অনুপম কাহিনীৰে ৰচিত ‘অভিজ্ঞান শকুন্তলম্’ বিশ্ব সাহিত্যৰ অমূল্য ৰত্ন৷ সেইদৰে ৰজা অগ্নিমিত্ৰ আৰু ৰাজকুমাৰী মালবিকাৰ প্ৰেম কাহিনীৰে ৰচিত ‘মালবিকাগ্নিমিত্ৰম্’ক কালিদাসৰ প্ৰথম নাট বুলি ধৰা হয়৷ তেওঁৰ আনখন উল্লেখযোগ্য নাটক ‘বিক্ৰমোৰ্বশীয়ম্’ত ৰজা বিক্ৰম আৰু দেৱী উৰ্বশীৰ প্ৰেম আৰু তাৰ জড়িয়তে দেৱ মানবৰ মিলনৰ এক কল্পনাময় কাহিনী বৰ্ণিত হৈছে৷ কালিদাসৰ মহাকাব্য ‘ৰঘুবংশম্’ত ৰামচন্দ্ৰ প্ৰমুখ্যে ৰঘুবংশৰ পৌৰাণিক আখ্যানৰ এক মনোগ্ৰাহী বৰ্ণন দাঙি ধৰা হৈছে৷৷ আনখন মহাকাব্য ‘কুমাৰসম্ভৱম’ত শিৱ-পাৰ্বতীৰ বিৱাহ আৰু কাৰ্তিকৰ জন্মকাহিনীৰ মাধ্যমেৰে শৃংগাৰ আৰু ভক্তিৰ মিলনক এক অতুলনীয় ৰূপত উপস্থাপন কৰা হৈছে৷ তেওঁৰ দুয়োখন খণ্ডকাব্য ‘মেঘদুতম্’ আৰু ‘ঋতুসংহাৰম্’ প্ৰকৃতিৰ অতুলনীয় ৰূপৰ বৰ্ণনাৰে সমৃদ্ধ৷ ইয়াৰে ‘মেঘদুতম্’ত নিৰ্বাসিত যক্ষই পত্নীক বতৰা দিবলৈ মেঘক দুত হিচাবে পঠিয়াইছে আৰু ‘ঋতুসংহাৰম্’ত ছয় ঋতুৰ সৌন্দৰ্যৰে বৰ্ণিত চিত্ৰ প্ৰকৃতি কাব্যৰ এক উত্তম নিদৰ্শন হিচাবে চিহ্নিত৷
বিশ্বসাহিত্যৰ আনজন চিৰনমস্য ব্যক্তিত্ব উইলিয়াম শ্যেক্সপীয়াৰ আছিল এলিজাবেথীয় আৰু জেকোবীয় যুগৰ কবি আৰু নাট্যকাৰ৷ এই যুগ আছিল ইংলেণ্ডৰ ৰাজনৈতিক স্থিৰতা, মানৱতাবাদ আৰু শিল্পকলাৰ বিকাশৰ সময়৷ সেয়ে শ্যেক্সপীয়াৰৰ সাহিত্যৰাজিত ৰেনেছাঁৰ আদৰ্শ, মানৱতাবাদ আৰু মানৱীয় প্ৰমূল্য সমুহৰ উত্থান পতনৰ ছবি পৰিস্ফুট৷ তেওঁ ৰচনা কৰা মুঠ ৩৭ সংখ্যক নাটকক কৰুণ ৰসাত্মক, হাস্যৰসাত্মক আৰু ইতিহাসভিত্তিক এই তিনিভাগত ভাগ কৰিব পাৰি৷ শ্যেক্সপীয়াৰৰ ‘Hamlet’, ‘Othello’, ‘King Lear’, ‘Macbeth’, ‘Julius Caesar’, ‘Romeo and Juliet’ আদি নাটকে যিদৰে জীৱনৰ প্ৰেম কাৰুণ্য আৰু দ্বন্দ্ব্বৰ ছবি চিত্ৰায়িত কৰিছে সেইদৰে তেওঁৰ ‘A Midsummer Night’s Dream’, ‘As you Like it’, ‘Twelfth Night’, ‘The Comedy Errors’, ‘The Marchant of Venice’ আদি নাটকে সমাজক হাস্যৰসৰ মাজেৰেও গভীৰ জীৱনবোধৰ উপলব্ধিলৈ লৈ গৈছে৷ ইয়াৰ উপৰিও তেওঁৰ ‘Richard III’, ‘King John’, ‘Henry IV’, ‘Henry V’, ‘Henry VI’ আদি কেইবাখনো ঐতিহাসিক প্ৰেক্ষাপটৰ নাট ৰচনা কৰে থৈ গৈছে৷ ভাষাৰ অভিনব প্ৰয়োগ আৰু কৌশলেৰে তেওঁ ৰচনা কৰা এই নাটসমুহ ইংৰাজী সাহিত্যৰ Golden Age ৰ প্ৰতীকস্বৰূপ হৈ আছে৷
কাব্যসাহিত্যৰ ক্ষেত্ৰত ১৫৪ টা চনেট সন্নিৱিষ্ট শ্যেক্সপীয়াৰৰ চনেটসংগ্ৰহখন প্ৰথমবাৰৰ বাবে ১৬০৯ চনত প্ৰকাশিত হৈছিল৷ প্ৰেম, মৃত্যু, সময়, বিশ্বাসঘাটকতা, সৌন্দৰ্য আদি বিষয় বৰ্ণিত শ্যেক্সপীয়াৰৰ কাব্যৰাজীক চনেট বোলাৰ কাৰণ এয়ে যে এইবোৰ ১৪ শাৰীৰ স্তৱক যাক Iambic Pantameter ত লিখা হৈছে৷ অৰ্থাৎ ১০ টা syllable যুুক্ত আৰু ৫ টা দুৰ্বল-জোৰ ছন্দত সজোৱা কবিতাৰ শাৰী৷ শ্যেক্সপীয়াৰৰ চনেট সমুহৰ প্ৰথম ১২৬ টা চনেট এজন যুৱকক উদেশ্য কৰি লিখা আৰু অন্তিম ভাগৰ চনেট সমুহ এগৰাকী ‘ডাৰ্কলেডী’ক লক্ষ্য কৰি ৰচিত৷ এই চনেট সমুহৰ উপৰিও তেওঁৰ দীৰ্ঘ বৰ্ণনামুলক কবিতা ‘Venus and Adonis’ আখ্যানমুলক কবিতা ‘The Rape of Lucrece’, অলংকাৰধৰ্মী কবিতা ‘The Phoenix and the Turtle’ আদিয়ে কাল অতিক্ৰমি কাব্যপ্ৰেমীৰ মন জয় কৰি আহিছে৷ যদিওবা শ্যেক্সপীয়াৰ নাটকৰ বাবে বিশ্বখ্যাত তথাপি তেওঁৰ কবিতা বিশেষকৈ Sonnet sequence আজিও বিশ্ব সাহিত্যৰ গুৰুত্বপূৰ্ণ সম্পদ৷ সাহিত্য সমালোচক হেলেন গাৰ্ডেনাৰৰ ম’তে “The Sonnets are not merely personal utterance but universal meditations on time, love and morality.” (Shakespear’s Sonnets. Oxford University Press, 1971).
কালিদাস আৰু শ্যেক্সপীয়াৰ দুয়োজনৰ ৰচনাত যুগৰ অন্তৰ আৰু ভাষা সংস্কৃতিৰ ভিন্নতা বিদ্যমান৷ শ্যেক্সপীয়াৰে লিখিছিল ৰেনেছাঁ যুগৰ ইংলেণ্ডত, য’ত ব্যক্তি স্বাতন্ত্ৰ আৰু মানৱীয় বুদ্ধিৰ বিকাশত গুৰুত্ব দিয়া হৈছিল আনহাতে কালিদাস আছিল গুপ্তযুগৰ ভাৰতৰ প্ৰতিনিধি য’ত ধৰ্মীয়আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ সৌন্দৰ্যক একত্ৰিত কৰি ধৰা হৈছিল৷ ১৯ শতিকাৰ সমালোচক আৰু অনুবাদক নিকলচনে কৈছিল- “কালিদাসৰ কবিতা শান্ত আৰু সংগীতময়, শ্যেক্সপীয়াৰৰ কবিতা নাটকীয় আৰু মনস্তাত্ত্বিক”৷ (A Literary History of the Arabs. Cambridge,1969) এই কথাষাৰে দুয়োজনৰ সৃষ্টশৈলীৰ মুল ভিন্নতা উদ্ঘাটন কৰে৷
কালিদাসে তেওঁৰ ৰচনাসমূহত প্ৰেমক আধ্যাত্মিক আৰু পবিত্ৰ ৰূপত প্ৰকাশ কৰিছে যি প্ৰেম প্ৰকৃতি আৰু বিশ্বচেতনাৰ সৈতে গভীৰভাবে জড়িত হৈ আছে৷ ‘অভিজ্ঞান শকুন্তলম্’ত শকুন্তলা আৰু দুষ্মন্তৰ প্ৰেম প্ৰকৃতাৰ্থত পবিত্ৰতা আৰু কৰ্তব্যৰ সংমিশ্ৰণ৷ প্ৰেম ইয়াত কেৱল ৰোমান্তিক নহয়, সামাজিক আৰু ধৰ্মীয় দায়িত্বৰ অংশ৷ আনহাতে শ্যেক্সপীয়াৰৰ লিখনিত প্ৰেম কেতিয়াবা নিষ্পাপ, কেতিয়াবা কামুক আৰু কেতিয়াবা দুখজনক৷ ‘Romeo and Juliet’ আৰু ‘Much ado about Nothing’ এই দুয়োটা কাহিনীত ভিন্নমুখী প্ৰেমৰ প্ৰতিফলন ঘটা আমি দেখিবলৈ পাওঁ৷ সেয়ে কব পাৰি শ্যেক্সপীয়াৰৰ কাহিনীত প্ৰেম একেবাৰে বাস্তৱমুখী য’ত আনন্দ বেদনা ঈৰ্ষা বিশ্বাসঘাটকতা একেলগে আছে৷
ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কালিদাস হ’ল উপমাৰ যাদুকৰ৷ সেয়ে কোৱা হয় “উপমা কালিদাসস্য”৷ তেওঁৰ কবিতা লিৰিকেল৷ সংগীতময় ভাষা, চিত্ৰকল্পনাৰ সংযোজন আৰু দৰ্শন শৈলীৰ সংমিশ্ৰণে কালিদাসৰ ৰচনাক অনুপম কৰিছে৷ শ্যেক্সপীয়েৰৰ কবিতা নাটকীয় আৰু মনস্তাত্বিক৷ তেওঁৰ চনেট সমুহত শব্দখেলা, নাটকীয়তা আৰু গাম্ভীৰ্যই কাব্যপ্ৰেমীক এক সুকীয়া মাদকতা দিয়ে৷ শ্যেক্সপীয়াৰৰ ভাষাশৈলীয়ে সেয়ে আধুনিক ইংৰাজী ধাৰণাতো প্ৰভাৱ পেলাইছে৷
কালিদাসৰ কাব্যত প্ৰকৃতি কেৱল এক পটভূমি নহয়, প্ৰকৃতি যেন এক জীৱন্ত চৰিত্ৰ৷ ‘মেঘদুতম’ত দেখা যায় মেঘক দুত ৰূপে কল্পনা কৰা হৈছে৷ সাহিত্য সমালোচক R K Sharma য়ে কৈছে “Meghduta is not merely a poem of nature, but a lyric of longing where nature becomes a messenger of love” সচাকৈয়ে কালিদাসৰ প্ৰকৃতিৰ কাব্যিক বৰ্ণনাত ঋতু, গছ লতা, নদ নদী সকলো যেন জীৱন্ত চৰিত্ৰৰূপে পৰিস্ফুট হয়৷ শ্যেক্সপীয়াৰে প্ৰকৃতিক প্ৰায়েই মানসিক অৱস্থাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰে৷ শীতক তেওঁ বৃদ্ধাৱস্থা আৰু মৃত্যুৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰিছে৷ সেইদৰে মানুহৰ জীৱনৰ ক্ষণস্থায়ীত্ব বুজাবলৈ গ্ৰীস্মৰ ফুল বা শীতৰ সাময়িকতাৰ কথা কৈছে৷ তেওঁৰ বিখ্যাত চনেট 18 ত তেওঁ প্ৰিয়তমাক “Shall i Compare thee to a Summer’s day” বুলি প্ৰশ্ন কৰিছে৷ তেওঁৰ মতে তেওঁৰ প্ৰিয়তমাৰ সৌন্দৰ্য গ্ৰীস্মঋতুৰ দৰেই খন্তেকীয়া নহয় বৰঞ্চ প্ৰিয়তমাৰ সৌন্দৰ্য কবিতাৰ শাৰীবোৰৰ দৰেই জীৱন্ত হৈ থাকিব৷ পাঠকে যেতিয়াই পঢ়িব তেতিয়াই প্ৰিয়তমাৰ ৰূপলাৱণ্যই নিত্যনতুন ৰূপত ধৰা দিব৷ এনেদৰে ঋতুক মানৱীয় অনুভূতি আৰু বহুঠাইত ভাগ্যৰ প্ৰতীকৰূপে তেওঁ চিত্ৰিত কৰিছে৷
মহাকবি কালিদাসে তেওঁৰ সৃষ্টিসমুহত ধৰ্ম কৰ্ম আৰু বিশ্বব্যৱস্থাক প্ৰাধান্য দিয়ে৷ তেওঁৰ কাব্যসমুহত ভক্তি ধৰ্ম আৰু ধৰ্মীয় দৰ্শনৰ এক গভীৰ স্ৰোত প্ৰবাহিত৷ ‘কুমাৰসম্ভৱম’ত বৰ্ণিত দেৱ দেৱীৰ প্ৰেম, ভক্তি, শৌৰ্য্য আৰু যোগশক্তিৰ মিলন ইয়াৰ এক উদাহৰণ৷ একঅৰ্থত অলংকাৰশাস্ত্ৰৰ নিখুট প্ৰয়োগেৰে সমৃদ্ধ শ্লোকৰ ৰূপ প্ৰধান কালিদাসৰ কবিতাসমুহ শান্তি শৃংখলা আৰু আধ্যাত্মিকতাৰ এক গাথা৷ শ্যেক্সপীয়াৰৰ সৃষ্টিসমুহত মানবীয় অনুভূতিৰ ব্যঞ্জনা দেখা পোৱা যায়৷ তেওঁৰ বিভিন্ন নাটকৰ চৰিত্ৰসমুহত ব্যক্তিগত মানসিকতা আৰু আৱেগে নানাৰূপত খেলা কৰা দেখা যায়৷ Macbeth, Hamlet আদি ৰচনাত তেওঁ মানুহৰ স্বাধীন ইচ্ছা, লালসা আৰু দুৰ্বলতাৰ ফলত হোৱা পতন প্ৰদৰ্শন কৰিছে৷ এনেদৰে তেওঁৰ চনেট সমুহে প্ৰেম, বন্ধুত্ব, বিশ্বাসঘাটকতাৰ দৰে মানুহৰ সম্পৰ্কৰ নানা দিশ উন্মোচন কৰিছে৷
কালিদাস আৰু শ্যেক্সপীয়াৰ দুয়োজনৰ কবিতাই নিজ নিজ ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বমানবৰ হৃদয় স্পৰ্শ কৰিছে৷ বিশ্বসাহিত্যত চিৰজয়ী এই দুই অমৰ কবিৰ প্ৰাসংগিকতা সৰ্বকালীন৷ কালিদাসৰ কবিতাই প্ৰকৃতি সুৰ আৰু আধ্যাত্মিক প্ৰেমৰ দিশলৈ ধাৱমান আৰু শ্যেক্সপীয়াৰৰ কবিতা মানুহৰ মনস্তত্ত্ব, সময় আৰু জীৱনৰ ক্ষণস্থায়ীত্বৰ কাব্য৷ তথাপি দুয়োজনে তেওঁলোকৰ সৃষ্টিৰে এই কথা প্ৰতিপন্ন কৰে যে কবিতা মানবতাৰ বিশ্বজনীন ভাষা৷ ভাষা, সময় আৰু দেশৰ ভিন্নতাক অতিক্ৰমি কবিতাই একে কথাই কয়৷ এই কথা সুখ দুখ প্ৰেম ভয় আশা নিৰাশাৰ কথা। এই কথা মানুহৰ হৃদয়ৰ কথা৷
————————————
ফোন নং- ৯৬১৩৫৫৭৮৮৩
