বন্দনা দত্ত হাজৰিকা, ধেমাজি
ভ্ৰাম্যভাষ-৯১০১৫০৪০৪৪


তুমি আছা বাবেই
আমিও আছোঁ
তুমি আছা বাবেই
আমি শব্দৰ মায়াজাল পাতিছোঁ
মালা গুঠিছোঁ…

তুমি আছা বাবেই
আমি সপোন দেখিছোঁ
প্ৰেম , বিষাদ , সুখ ,দুখক
হেলাৰঙে গ্ৰহণ কৰিছোঁ

তোমাৰ বাবেই
আমাৰ গীতবোৰ সুৰ হৈছে
সুৰৰ তালে তালে
চৰায়ে গীত জুৰিছে

আমাৰ মাজৰ গভীৰ সম্পৰ্কত
নদীখন নীলা হৈছে
পাহাৰটো সেউজীয়া হৈছে
অৰণ্যখন গম্ভীৰ হৈছে

এতিয়া চৌদিশে মাথোঁ সেউজীয়া
সেউজীয়া বসুন্ধৰা…।