ধ্ৰুৱজ্যোতি শইকীয়া,ডাঙৰী ,তিনিচুকীয়া
ধৰি ললোঁ
এপেগ হুইস্কিত মিহলোৱা পানীখিনি তুমি
ৰঙাকৈ বাঢ়ি অহা নিচাখিনি প্ৰেম
জিভাৰ জুতি বঢ়াবলৈ চাকনা
প্ৰেমৰ জুতি বঢ়াবলৈ অভিমান
অলপ আগতে নচিকেতাৰ গান শুনি থাকোঁতে
মই পাহৰিছিলো কবিতাৰ কথা
ইমান ধোঁৱা, ইমান চিঁঞৰ
তাৰ মাজতো কবিতা ?
চৰাইৰ চুবুৰীত মই নিজক দেখোঁ
চকুৰ পুখুৰীত শলখা লগাই মই গৈ থাকোঁ গৈ থাকোঁ
ভিজা মেঘৰ ফাঁকে ফাঁকে
আঁকি থকা অইল পেইণ্টিঙখনত তোমাক ফাগুন যেন লাগে
তুলিকাৰ ভাঁজবোৰ বনৰীয়া সুহুৰি এটাই উন্মাদ কৰে
মাজৰাতি, খোলা খিৰিকীৰে সোমাই আহে নৈ এখন
সৰাপাত এখিলাত ধৰি মই উটি গৈ থাকোঁ
শেলুৱৈ ধৰা শিল এটাৰ কাষলৈ
তুমি এটা আইৰণিক কবিতা
কুঁৱলীৰ সিপাৰৰ ধূসৰ পাহাৰ
মই পৰুৱাই পোৱা ক্লান্ত পথিক
ফেণ্টাচিৰ ঘোঁৰা চেকুৰাই মই য’ত ৰৈ গ’লো
তাৰ পৰা এতিয়া আকাশখন নেদেখি ।
