অশোক কুমাৰ দলে,ধেমাজি
৯৩৬৫২৫৪০৩৫
চকুৰে আকাশখন যিমান দূৰলে দেখি সিমানে
বহল নীলা বহী এখনত চিল্চিলীয়া বতাহে
লচ্পচী গাভৰুৱে চকুৰ পঁতাত অঁকা কাজলৰ
স্কেচ্ছ আঁকে
ফুহনিৰে ফুহাই দিলে স্কেচ্ছবোৰ অবিকল বেলুনৰ দৰে উৰি ফুৰে ঋতুৰ দৰে সলনি কৰে গাৰ ৰং
চাৰিদিশ উৰি ফুৰোঁতে স্কেচ্ছবোৰ হিলৈৰ দৰে ফুটে
আৰু চক্চকীয়া চিছাগুৰিৰ বিষাদ এজাক হৈ
ওৰে ৰাতি খুটিয়াই থাকে মোৰ ভগা পঁজাৰ
প্রিয়ৰাতিবোৰ।
