ড° ৰাতুল কুমাৰ লাহন, উত্তৰ লখিমপুৰ মহাবিদ্যালয়
ভ্ৰাম্যভাষ-৯৯৫৪৮৩২০৪০


দেওবাৰৰ দুপৰীয়া
নিগনিৰ ঘৰবোৰ ভাঙি পেলালোঁ

ৰাতি ৰাতি মোৰ টোপনি নাহে
নিগনিবোৰে কাপোৰ কুটে
নিগনিৰ পোৱালিবোৰে এন্ধাৰ কুটে

দেওবাৰৰ দুপৰীয়া
জোতাৰ বাকচবোৰ দলিয়াই দিলোঁ
বাকচবোৰৰ ভিতৰত মোৰ পুৰণি চোলাৰ টুকুৰা
আৰু বিষন্ন টোপনি।