হেমচন্দ্ৰ কছাৰী,
সম্পাদক,ধেমাজি জিলা কবি সন্মিলন

জ্যোতিচিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহৰ পিছফালৰ টিলাটোত
হালধীয়া ফুল এবিধ ফুলি আছে

ধুনীয়া

পখিলাইও জানে বাৰ মাহে গীত নাগায় ফুলে
চাই আহে যদি চাই আহক সোনকালে
ৰাতিৰ ভিতৰতে খহি পৰিব পাৰে সেই টিলা
মূৰ দাঙি উঠিব পাৰে এটি অট্টালিকা

হনুমান হোৱা হ’লে মনগলেই ডাঙি লৈ আহিলোহেতেঁন
ধুনীয়া পাহাৰ – ওখ পৰ্বত
খুলি পেলালোঁহেঁতেন বিষাদৰ বোকোচা
সঞ্জীৱনীৰ শীতল ছাঁয়াত

পিছে আমিতো নহয় কোনোবা ঈশ্বৰপ্ৰদত্ত বীৰ পুৰুষ
নতুবা হিচাপহীন হৰ্চপাৱাৰৰ একোটা মেচিন

হয়,কবিতাটো পাহাৰকলৈহে আছিল
ফুলকলৈ নহয়
ফুলনো কি
কাহিলীপাৰাৰ টিলাতো ফুলে
গনেশগুৰিৰ উৰণিয়া হেতুৰ তলতো ফুলে
মাথো সুগন্ধহে নিমিলে

প্ৰশ্নটো হ’ল –
বহু পাহাৰে কিয় নিদ্ৰা কাঢ়ে
কিয় ইচাত বিচাত সময় গিলে

আচৰিত
বছৰ ধৰি বুকুত কুম্ভকৰ্ণহৈ শুই থকা কবিতাই
চাৰিশ পঞ্চাশ কিলিমিটাৰ দূৰত্বত আহি সাৰ পালে

আঠাইশ ডিচেম্বৰ দুহেজাৰ পঁচিশ।