লক্ষীপ্ৰভা কাটনি,ধেমাজি ভ্ৰাম্যভাষ-৭০০২৯৭১২৬৮
গাঁৱৰ ছোৱালীবোৰ বোকাৰ পদুম ককাইদেউ
ৰোৱা-তোলা ,খুন্দা-ভজা তাঁতে সোতে
একোটেই পিছপেলাব নোৱাৰা
কথাত মৌবৰষা, হাঁহিত ভূৱন ভুলোৱা
ডাঙৰলৈ শ্ৰদ্ধা,সৰু লৈ মৰম
নিকপ্কপীয়া
দেখাতেই পূৰ্ণিমাৰ জোন
নেচাইনো নাথাকে কোন?
ককা-আইতাৰ লখিমী গাঁৱৰে ছোৱালী
চিনাকি কৰাবগৈ সৰু আপাদেৱে
আদৰি সামৰি আনিবগৈ ককাইদেৱে
মোকো লগতে নিবি প্ৰথমবাৰ
আলেঙে আলেঙে
চাম তাইক বাৰম্বাৰ
কথাৰ লাচতে তোৰ গুণ গাম
মই নবৌ বুলি আগতীয়াকৈ কৈ পাম।
