পূৰৱী দুৱৰা,ধেমাজি

ভ্ৰাম্যভাষ-৮৬৩৮৯১৩৩৬৩


দুখৰ তিয়নি তিতা ৰাতি

তিতি তিতি সকলো হেৰোৱাই
সহি সহি মুখ লুকুৱাই
নিৰৱে নিতালে ’ইলিজি’ এটাই
আলফুলে সপোনে ঠিকনা হেৰোৱাই জিৰায়৷

ধৰিত্ৰী আইৰ বুকু শুৱাই
অগস্ত্য যাত্ৰা এটাই
আপোন মানুহৰ বুকুৰ
কোঠালিয়ে কোঠালিয়ে শিপায়৷

শোকৰ বন্যা
কলিজাই কলিজাই নিগৰে
উক্‌মুকনি এটাই
বিজুলীয়াই শিপা হেৰোৱাই
সুহুৰিয়াই সুহুৰিয়াই যায়৷


এতিয়া সকলো সামৰি-সুতৰি

নিচুকাই নিচুকাই
বিষাদ বৈভৱৰ বীণবাই কাতিৰ ৰাতি