ধ্ৰুৱজ্যোতি শইকীয়া
সেউজ কুটীৰ, তিনিচুকীয়া
ভ্ৰাম্যভাষ-৯৯৫৪৫৫৭৮৮৬
ৰঙা পাহাৰটোত হেলান দি আছে এটা ক’লা জোন
অ’ত ত’ত দুটামান ৰঙা-বগা ছাঁ
হয়তোবা কাৰোবাৰ আৰ্তনাদ
হয়তোবা শৱ
ফিৰ্ফিৰিয়া বতাহ এজাকে বাৰুকৈয়ে কঁপাই গ’ল মোক
ভ্ৰমৰ চাদৰ এখন গাত মেৰিয়াই মই হেৰাই গ’লো কৃষ্ণগহ্বৰত
গৈ গৈ দেখিলো এজাক মানুহে নিজৰ মূৰবোৰ চিঙি
বেচি আছে কছাইখানাত
দুটামান কুকুৰে কৰিছে দৰদাম
এনে কি বিচাৰি মানুহবোৰ বাউল যে নিজৰে মূৰবোৰ নিজে বিকিছে
মোৰ এনে লাগিল যেন এঙাৰ হৈ যোৱা গছবোৰ
আৰু আপোনাৰ মোৰ মাজত বিশেষ তফাৎ নাই
গছবোৰ মৰাৰ পাছত এঙাৰ হয়
আৰু আমি জীয়াই জীয়াই
ভোকৰ বাবে পেট জ্বলে ভোকৰ বাবে দেশ জ্বলে
আৰু আমি খান্দো নিজৰেই কবৰ
গৈ গৈ যেতিয়া এজাক শগুনৰ মাজত মই দেখিলো নিজৰেই শৱ
হুৰাই দিওঁ বুলি দুঃস্বপ্ন ফূৰ্মুতিয়াই দিলোঁ দ্বিধা
ফাটাচ্
লাইটাৰৰ শিখাত ক্ষণিকৰ বাবে উজলি উঠিল শীৰ্ণ মুখ এখন
ওঁঠৰ মাজত জী উঠিল শতিকাৰ আটাইতকৈ ৰুগ্ন চিগাৰেটটো
আৰু
কপালৰ ৰেখাবোৰ থূপ খোৱাই চিত্ৰকৰজনে
কঁপা কঁপা হাতেৰে কেনভাছত আঁকিলে
এটা ৰুগ্ন ঘড়ী
ক’ৰবাত হুদু এটাই কান্দি আছিল তেতিয়া
