অংকুৰ ৰঞ্জন ফুকন, গুৱাহাটী
ভ্ৰাম্যভাষ-৯৭০৬৫৫৩৪৪৫
আজোদীৰ্ঘ প্ৰতি-প্ৰশান্তি
নুমলীয়া ব্যাসাৰ্ধৰ কেন্দ্ৰস্বপ্ন
পূৰ্বজন্মৰ চৰাঘৰ
হৰিণ শিং
সময়ভ্ৰমণ সম্ভৱ
ৱিং চাঙৰ পূৰৈ জোনবিল হৈ
চিয়াহীৰ সূতা এডালেৰে বগাই আহে হিউৱেন চাং
উপস্থিত তদানীন্তনে ক’ব নোৱাৰে
অতীত আৰু বৰ্তমান যদি অভিজ্ঞ
অনভিজ্ঞতাৰ অভিজ্ঞতাৰে পুষ্ট
ভৱিষ্যৎ অভিজ্ঞ নে অনভিজ্ঞ?
ঘড়ীৰ তিনিজনীয়া দৌৰত ছেকেণ্ড
চিৰন্তন প্ৰথম
নামটোহে আজিও ছেকেণ্ড
ঘোৰ অন্যায় !
সময় শ্ৰেষ্ঠ বিচাৰক
সন্দেহ হয়!
