ইনু বৰুৱা,ধেমাজি
ভ্ৰাম্যভাষ -৯৯৫৪৪০৬৯১২
এদিন বৰ হেঁপাহেৰে মৰমেৰে চুই চালো তেওঁক,তেনেই ওচৰৰ পৰা
যেন এটা টুলবুলিয়া পকা সুমথিৰা আলফুলে হাত বুলাই দিলো
ছালখন বৰ খহটা,হুতূৰা পৰা
সময়ৰ ঢৌত ৰ’দে বৰষুণে তিতি
জুৰুলা হোৱা এটা পূৰঠ হাঁহি
তেওঁৰ দুগালত,জোনৰ পোহৰত
যেন চাল কোমোৰাহে জিলিকিছে
সুখ-দুখ, দিন-ৰাতি, সপোন-বাস্তৱ
সকলো বুকুত ওম দি ৰখা এটা
জীয়া আগ্নিয়গিৰি তেওঁ
চিনাকি নদীৰ ঘাটতে
বালিত পোত যায় তেওঁৰ
সোণবৰণীয়া হাঁহি,
নদীৰ এৰা সুঁঁতিত পানীপিয়া
চৰাইয়ে পানী শুহি খায় —-,
কি ৰূহ বাস্তৱ—!,
বুকুৰ বীণখনত স্নেহৰ উমে
আঙুলি বুলাই,মৰি মৰি আকৌ
জী উঠে তেওঁ
উকা আকাশখনত
হেমন্তৰ চেঁচা বতাহজাকে
চকুলো টুকে
ভৰসাহীনতাত শূন্য আনন্দ
উদ্বিগ্নতাই মকৰাজালৰ দৰে তেওঁক মেৰিয়াই মেৰিয়াই বান্ধে
তথাপিও আশা
নদীখন বৈ থাকক
শিশুৰ হাঁহি এটা হৈ
এক শান্তিৰ যাত্ৰাত–
