মৃদুপৱন চুতীয়া,ধেমাজি
ভ্ৰাম্যভাষ-৭০০২৯৭৪৩১২
অজুহাত এটা হ’লেই হ’ল—
যাওঁ বুলি গুচি যাবগৈ পাৰে হঠাতে।
পুৱা, দুপৰীয়া, আবেলি অথবা দোভাগ নিশা
এৰি থৈ যোৱা সময়ৰ কোনো সংজ্ঞা নাথাকে,
থাকে মাথোঁ হেৰুৱাৰ এক ক্ষণ—
ক্ষণ ভংগুৰ।
যোৱাৰ পাছত স্থাৱৰ, অস্থাৱৰ
জীৱিত, মৃত বুলিও কোনো কথা নাথাকে;
থাকে মাথোঁ উত্তৰ নোহোৱা এটা নিভাঁজ শোকৰ চেঁচা প্ৰশ্ন— আমি যি হেৰুৱালো পাম জানো ঘূৰাই?
