ভূৱন দাস, চিলাপথাৰ

ভ্ৰাম্যভাষ-৮৬৩৮৪৩০৭৩১


মায়াৱিনী ৰাতিৰ বুকুত
তেওঁ দেখিছিল প্ৰেয়সীৰ ছবি
ধুমুহাৰ স’তে তেওঁ
বহু দিনৰপৰাই চিনাকি আছিল
এন্ধাৰো আছিল হেনো তেওঁৰ
বহু দিনৰে আপোন

সাগৰো আছিল
তেওঁৰ বুকুৰ আপোন
নীলিম উৰ্মিমালাৰ বুকুত
সাঁতুৰি থাকোঁতেই
হঠাতে আহিল জৰুৰী খবৰটো
জোনবাইৰ দেশত সভা পাতিছে
তালৈকে তেওঁক মাতিছিল

তেওঁৰ নাছিল
কোনো ধৰ্ম কিম্বা জাতি
তেওঁ আছিল মুক্ত

লৰালৰিকৈ গুচি যাওঁতে
লগত একো নিব নোৱাৰিলে
সংস্কৃতিৰ বৰপেৰাত এৰি থৈ গ’ল
বহু ভাল লগা গান ।