দেবানন্দ পেগু,জোনাই

ভ্ৰাম্যভাষ-৯৮৬৪৮৪৮৫৫৩

আইৰ গৰ্ভত গংগাজলেৰে শুদ্ধি কৰা মোৰ এই  চোলা
আইৰ কোলাত অনুশীলন কৰিছোঁ ৰাস্তাবোৰ পোনাবলৈ
কিন্তু,
কেঁকুৰাবোৰে চিধা ৰাস্তাত পিছলৈ টানি নিয়ে কিয় ?
এয়া কেঁকুৰাৰ স্বভাৱ নে ধৰ্ম ?

জোনটো জোন বুলি ক’বলৈ পণ লৈছোঁ
জোনটোকে বেলি বুলি  কিয় বিচলিত কৰিব খোজা।
পোহৰবোৰ মোৰ চিনাকী,চিহ্নবোৰ নহয়

কোনেও নিমন্ত্ৰণ নকৰিবা মাজ নিশাৰ ভোজলৈ
বৰশীৰ টোপ দেখি এৰাল ছিগিব মোৰ ঘোঁৰা
কলা ডাৱৰেৰে মেঘাচ্ছন্ন আকাশত
নীলাবোৰ অশুচি হ’ব।
.