নিবেদিতা বড়া সন্দিকৈ,ধেমাজি

ভ্ৰাম্যভাষ-৯৯৫৪২৩৫২৭৮


প্রস্তাৱনাঃ
জীৱনৰ নাটঘৰত ৰাইজৰ অভিনয়। সময়ে সময়ে সলনি হয় দৃশ্যপট। ছোঁ-ঘৰত
ৰঙা-নীলা পোছাক পিন্ধি সকলোৱে উশাহ সলাইছোঁ সঘনে। জীৱন এনেকুৱাই।
আমি সবে একো একো গৰাকী ভাৱৰীয়া। তাৰপিছত পট পৰিব-ওলমিব
আঁৰকাপোৰ।।।

জটিল সময়ৰ ধামখুমীয়াত হেৰাই যায় জীৱনৰ সংজ্ঞা
যন্ত্ৰণাৰ পৰিকাঠামোতে স্তব্ধ হয় ছান্দিক গতিময়তা
কেনি গ’লে পাম বাৰু মসৃণ পথৰ সেউজীয়া দলিচা!

আঙুলিৰ ফাঁকে ফাঁকে সৰি পৰে সপোন
পখীৰাজ ঘোঁৰাত উঠি ৰাজকুঁৱৰীয়ে ডেউকা মেলে

মেঘৰ আঁৰে আঁৰে সন্ধান কৰে সপোন কোঁৱৰক যাযাবৰী কোঁৱৰে ঘূৰি ফুৰে দিহিঙে-দিপাঙে মেঘৰ দেশতে দুয়ো বিচাৰি পাই আপোন অস্তিত্ব।

মান-অভিমান ঠেহঁ-পেচেৰে ওমলে দুয়ো নিৰলে-নিমাতে
কথা পাতে হৃদয় জুৰায়
লাই হালে-জালে আবেলি বতাহে
এনেদৰে উদ্‌যাপন হয় আনন্দৰ মেলা

সময়ৰ স’তে মুখ গুজিছোঁ অহোৰাত্রি
শ্রদ্ধামিশ্রিত হেপাঁহেৰে সমাপন কৰিছোঁ প্রতিটো কর্ম
শৃংখলিত নহৈও উজ্জীৱিত আজি জীৱনবোধ
লগে লগে সহজ আত্মীয়তাৰে ভ্রাতৃত্ববোধ
মই নিজৰ মাজতে নিজে
বৃত্তৰ ভিতৰত বৃত্ত

এই মুহূর্তত হাতত লৈ আহিছোঁ এৰাব নোৱাৰা দীঘলীয়া তালিকা
জুখি মাখি অনুধাৱন কৰিছোঁ এলানি সূত্র
সূত্ৰধাৰহৈ আজুৰি আনিছোঁ আকাশৰ জোন

সকলো উদং হ’লেও উদং নহয় প্রজ্ঞাৰ টোপোলা
সকলো উদং হ’লেও উদং নহয় সাঁচতীয়া চিন্তা

এনে সময়তে অহৰহ বিচাৰি ফুৰিছে। আপোন গৃহ
হাতৰ পাবত লেখ হিচাবে গনিছোঁ বুকুৰ কামিহাড়

মাজে মাজে গভীৰ উপলব্ধি-
স্তব্ধ হৈছে নেকি গতিশীল জীৱনৰ ছন্দোময় নৃত্য।
সকলো থাকিও হ’ব পাৰে নেকি হেজাৰজন নিঃস্ব।

অথচ হ’ব পাৰে জীৱন কাৰোবাৰ বাবে সুন্দৰ
অথবা কাৰোবাৰ বাবে ভয়ংকৰ
তথাপিও এনেদৰে উদযাপন হয় জীৱন।

এই ছোঁ-ঘৰৰ মাজে মাজে মাথোন দুর্নিবাৰ হেপাঁহ
তাৰ মাজতে কাজলবুলীয়া চেতনাৰে সমৃদ্ধ জীৱনপ্রবাহ।

উপসংহাৰঃ
কত জীৱন গাঁথা নাটঘৰৰ বাহিৰে-ভিতৰে.. গভীৰ প্রত্যয়… অযুত সম্ভাৱনা আৰু দুৰ্বাৰ বাসনাৰে
কঢ়িয়াই ফুৰিছোঁ ৰাজকীয় ঐতিহ্য সময়ে আনি দিয়া গতিশীল জীৱনৰ লয়লাসত বিচাৰি লৈছোঁ
একো একোটি অভিনয়ৰ দৃশ্যাংশ আৰু কবিতাৰ দৰে মনোৰম ছন্দৰীতি।