ডাঃ মনোৰঞ্জন শৰ্মা, গুৱাহাটী

ভ্ৰাম্যভাষ-৯৪৩৫৩৭০০১৬
(উপেন, হেমন্ত, প্রবুদ্ধ ললিতৰ হাতত)


লুইতে ক’লে আহা
দিচাংজনীয়ে লাজ লাজকৈ ভয় ভয়কৈ
আহা
ৰমনতো নহয় নিশ্চিত আত্মসমর্পণ
ই যে পাৰস্পৰিক আত্ম অবগাহন।

আমি বহি আছোঁ দিচাংমুখত

আকাশখনত এজোলোকা বগা ডাৱৰ
এডৰা হালধীয়াই আমাক আবৰি ৰাখিছে
গুণ গুণ এজাক মৌ মাখি
এবাতি আপং লৈ আমি কথা পাতিছোঁ
সত্তৰ উৰ্দ্ধ এজাক ল’ৰা ছোৱালী
কি কথা পাতিছিলো
স্মৃতি
সত্তা
ভৱিষ্যত।

নদীৰ বুকুত বাহ বান্ধে
মাছ কাছ ঘৰিয়াল শিহু গঙাচিলনী
অনন্ত কাল ধৰি বৈ থাকে নদী
সোঁত তাৰ প্ৰাণ
জাহি জাৱৰৰ লগতে কঢ়িয়াই নিয়ে
দুপাৰৰ মানুহৰ সুখ দুখ
আশা আকাংঙ্খাৰ বিশাল উদ্‌যাপন।