-বিশ্বজিৎ গগৈ, ধেমাজি

ভ্ৰাম্যভাষ-৮০১১২৪৫৫৪৫

মোৰ ঘৰৰ আগফালে কেকুৰীটোত
বুজন পৰিমাণৰ অবুজ পৰচৰ্চা
সঘন বিননি ঘঁৰিয়ালৰ….
হাঁহিৰ নে কান্দোনৰ কোলাহল নেজানো
আন্ধাৰত মুখবোৰ লুকাল।

সুদীৰ্ঘ কেওটি বৰ্ষৰ আগৰ ঘা টুকুৰা
মোৰ ঘৰৰ মুধচৰ অবৰ্ণনীয় বিন্ধা!
কথাবোৰ আমাৰ আছিল,
দুখবোৰো আপোন!
হাঁহিবোৰ সিঁহতৰ… কৃত্ৰিমতাৰ !

বহুত দিনৰ পিছত কবিতাই কান্দিছে
শব্দহীনতাত বাকৰুদ্ধ ছন্দ।
স্তব্ধ জোনাক, বহ্নিমান এন্ধাৰ আৰু এধানিমান আশাৰ
সঘন বাৰ্তালাপ জীৱন জীয়াৰ।

অথচ প্ৰতিপল সহিছে জোনাকে এন্ধাৰৰ বোজা
সূৰ্যাস্তৰ পিছতেহে যে সূৰ্যোদয় হ’ব।