নয়ন লিগাং

ভ্ৰাম্যভাষ-৭০০২৮৭৬৭২৫


শীতাৰ্ত ৰাতি এটাত
আপঙৰ ৰাগিত বুৰ যোৱা দেউতাই
সপোনত পাহাৰ এখন দেখিলে
পাহাৰৰ টিঙত বন্দী এটি নিজৰা

দেউতা পাকৈত খেতিয়ক হোৱা বাবে
ওখোৰা-মোখোৰা পাহাৰখন
লতা এডালৰ দৰে বগালে

বৰষুণ চঞ্চল দিন এটাত
পাৰৰ মাটিবোৰ চহাই
খুলি দিলে নিজৰাৰ বান্ধ

দিনচেৰেক পাছত
শইচসম্ভৱা আইৰ পেটৰ বিষ
বিষতো জিলিকি উঠিছিল এমোকোৰা হাঁহি

সেইদিনা সন্ধিয়াৰ আগতেই আপঙৰ গোন্ধত
এমুঠি জালুক গুৰি হ’ল
আৰু
মই ক্ৰমাৎ হালধীয়া হ’লোঁ ।