ভ্ৰাম্যভাষ-৯৮৬৪১০৮৪১৩


মই এখন ছবি আঁকিছিলোঁ
পাহাৰ, নদী, জলপ্ৰপাতৰ
আৰু মচি পেলাইছিলোঁ


আৰু এখন ছবি আঁকিলো
গছ, লতা, কলি, ফুল
আৰু মচি পেলাইছিলোঁ


তাৰ পিছত আৰু এখন
ছবিও আঁকিলোঁ
নিস্পাপ এখন মুখ
চকু দুটা ম্লান
চকুৰ কোণত আৱদ্ধ হৈ
আছিল তপত চকুলো
সেয়াও মচিব বিচাৰিছিলোঁ
আঙুলিত কঁপনি উঠিছিল
এনে লাগিছিল যেন বিদ্যুৎ চুম্বকীয় তৰংগই মোৰ আঙুলিবোৰ
সচকিত কৰি তুলিছিল
সমগ্ৰ চেতনাৰ দুৱাৰ খুলি
বিদ্যুৎ তৰংগ সোমাই পৰিল
আৰু মই বুজিলোঁ যে
মই সেই মুখখন মচিব নোৱাৰো, মুখবোৰ এনেকৈ মচিব নোৱাৰি
সেই চকুৰ চকুপানীবোৰ
মই মাথোঁ মচিলোঁ৷