জ্যু চেং ঐ চাংমাই,ধেমাজি

ভ্ৰাম্যভাষ-৭৮৯৬১৭৬২১৫


কথাবোৰ ইমান সহজ নাছিল
গৈ গৈ কথাবোৰ একেটা বাটতে ৰৈ গৈছিল
তোমাৰ আৰু মোৰ

ফাগুনৰ বতাহত কথাবোৰ কঁপিছিল
কথাবোৰে ৰূপ সলাইছিল
চুবুৰীৰ সিটো মুৰত

কথাৰ চোক আছে
জানিছিলোঁ
যেতিয়া কথাবোৰে বুকুখন দহিছিল
নিমখীয়া পানীৰে ৰাতিটো চকুহাল ধুইছিলোঁ

কথাৰ ধাৰ আছে
তৰোৱাল এখনৰ দৰেই …
বুজিছিলোঁ
যেতিয়া বুকখন যন্ত্ৰণাৰে
ক্ৰচবিদ্ধ কৰা হৈছিল ….
জীৱন্ত শৰীৰটো যেতিয়া
মৃত বুলি ঘোষণা কৰা হৈছিল

অথচ কথাবোৰ গৈ গৈ একেটা বাটতে ৰৈছিল
তোমাৰ আৰু মোৰ

চুবুৰীত হে কথাবোৰ
কঁপি কঁপি সাৰে আছিল ।