মিণ্টু দাস, ধেমাজি

ভ্ৰাম্যভাষ-৯৯৫৭৮৬৫০৭৩

চিটিকি পৰি ৰোৱা পাতসীয়া চৰাইৰ বুকুৰ কামিহাড়ত
ফোপোলা ফাগুন
বতাহৰ হো হোৱনিত শোকৰ অক্ষিজল নাঙঠ বিটপী

ধূলি-ধোঁৱাত ঢাক খাই পৰিছে ঘৰহীন মানুহৰ ৰুক্ষ চুলি
পছোৱাৰ পায়চাৰিত
ফটা কঁথাৰ উমৰ আখৰাত ব্যস্ত তামোলতী আইতা

শিমলুৰ ৰঙাখিনিত বুকুৰ তেজ ঢালি লিখি আছে
ব্যৰ্থ প্ৰেমিকে হুমুনিয়াহৰ দিনলিপি
গধূলিয়ে গিলি থ’লে আটাইবোৰ সৰিয়হফুলীয়া ৰ’দ

জীয়াধলৰ মৰা সুঁতিত মুখ ঢাকি কান্দি আছে কোন
অৰ্ধনগ্ন পাগলে জীৱন বিচাৰি
মায়াসনা ফাগুনৰ আবিৰেও দিবহি পৰা নাই যাক বুজনি

ফাগুনে ফালি পেলাইছে বসন্তৰ সকলোবোৰ ৰঙীণ চিঠি
কুঁহিপাতৰ সকলো বিনীত আৱাহন
বৰষুণৰ সকলো কাতৰ প্ৰাৰ্থনা

স্তুতিক আওকাণ কৰি ফাগুনৰ অবাধ্য আচৰণ
উৰুৱাই থৈ গুছি যায় বৰঘৰৰ মূধচ
শোকৰ খহতা দুহাতেৰে সন্ধ্যা মচি ফুলি উঠে গধূলিগোপাল।