মানস প্ৰতিম দত্ত, ধেমাজি
ভ্ৰাম্যভাষ-৮৬৩৮৭০৮০৭৮
আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া
নভবাকৈ কৈ দিব পাৰি- যি হয় ভালৰ বাবেই হয়
কওঁ বুলিলেই কৈ দিব পাৰি ডাঙৰ ডাঙৰ কথা
অৰণ্য, মানুহ আৰু পখিলাবোৰৰ কথা
পখিলা, জিঞাবোৰ দেখিলে যেনিবা
ধৰি আনি পাখিত সুতা বান্ধি
ৰং চাও যন্ত্ৰণাৰ
প্লাষ্টিকৰ বটলটো পানীলৈ দলিয়াই দলিয়াই
ক’ব পৰাকৈ থাকে অযুত কথা, কত শুকুলা স্বপ্ন
কওঁ বুলিলেই কৈ দিব পাৰি সপোনৰ কথা
সমুখলৈ আহি ক’ব নোৱাৰি গছ, পখিলা চৰাইৰ সমাধি কথা
ছিঃ ইমান দুৰ্গন্ধ !
মাটি, বোকা নে মৃত চৰাই, পখিলা অথবা জিঞাবোৰৰ
নে নিঃশেষ হোৱা বননিৰ নীৰৱ চিৎকাৰ?
এনেকৈয়ে ৰৈ যায় ফুল নুফুলা এখন নিৰ্জন বাগিছা
গছ নোহোৱা অলপ বালিচৰ আৰু
কাণত বাজি থাকে
অলেখ সেউজীয়া পৃথিৱীৰ সপোন গঢ়াৰ
ৰিক্ত চঞ্চল শব্দবোৰ
মাইকৰ পৰা ভাঁহি অহা অসাৰ ভাষণবোৰ
তথাপিও, আমি কৈয়ে আছোঁ
আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া।
