(ভাতৃসম মৃদুল শৰ্মাৰ তাগিদাত)

জিতেন কলিতা
অধ্যাপক, গণিত বিভাগ
আই আই টি, গুৱাহাটী
দূৰভাষ: ৭০০২৭৫১৮৫৬


তোমাৰ বুকুত এচপৰা
শিলে বাহ বান্ধিছিল
কবিতাৰ ধুমুহাত
মোৰ কবিতা যে
নিখোঁজ হৈছিল।

সিহঁতৰ কবিতাবোৰে
জোনাকৰ বৰষা নমাইছিল।
জোনাক সিক্ত বৰষুণৰ
টোপাল বোৰ ঘন হৈছিল
আৰু
এক সন্মোহনী আৱেশত
মোৰ কবিতা আত্মহাৰা হৈছিল।

সিহঁতৰ কবিতাবোৰৰ একাবেঁকা ভাঁজত
পিচল খাই পৰিও
তাৰ তত নাছিল।
পংক্তিৰ ফান্দত ঠিকনা হেৰুৱায়ো
সি গমকে পোৱা নাছিল,
আপোনপাহৰা হৈ
মাথোঁ উটি ভাঁহি ফুৰিছিল
জোনাকৰ বানত।

তোমাৰ উগুল থুগুল মনত
জোনাকী কণিকাবোৰে খুন্দিয়াইছিল।
দিক্‌বিদিক্‌ হেৰুৱাই
মোৰ কবিতাৰ ঠিকনা বিচাৰি
তুমি হাবাথুৰি খাইছিলা।

হঠাৎ তুমি ৰৈ দিছিলা
চহৰৰ উপকণ্ঠৰ
শেষ প্ৰান্তৰ সেই কেঁকুৰিটোত।
আবৰ্জনাৰে ওফন্দি পৰা
এটি ডাষ্টবিনৰ সমীপত।
জোনাকতকৈও স্নিগ্ধ হাঁহিৰে
তোমালৈ চাই দেৱশিশুটিয়ে মিচিকিয়াইছিল
তাৰ কাষতেই নিঃপালি দি শুই আছিল
মোৰ কবিতা।

বুকুখন খেপিয়াই চাইছিলা তুমি
শিলচটাচোন আপোনা-আপুনি
খহিব ধৰিছে
এটি অস্পষ্ট হাঁহিৰ ৰেখাই
তোমাৰ ওঁঠত দেও পাৰিছিল
মই যে কথা দিছিলোঁ
অনন্তকাললৈ তোমাৰ হৃদয়খনি
চাউনী দি ৰাখিম
মোৰ কবিতাত।