দেৱজ্যোতি কছাৰী
তিনি দিন তিনি ৰাতি
ডাৱৰবোৰে
বৰষুণ এজাক হ’ব নোৱাৰি
গোমা কৰি ৰাখিছে
আকাশখন ।
সূৰুযে দেখা নাই
পৃথিৱীৰ সেউজীয়া বোৰ
জোনে ও লগ পোৱা নাই তৰাক ।
বজ্ৰ নিনাদত
উল্কাবোৰে খহিব নোৱাৰি
থক্ থক্ কঁপিছে আকাশত,
কাৰোবাৰ কণ্ঠৰ
দীপক ৰাগত
জুই হৈ জ্বলিছে
পৃথিৱী খন ।
