কর্ন্দপ তামুলী


তোমাৰ সান্নিধ্যত
‘মই’ টো ভাগি থানবান
ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতমলৈ ….
কিন্তু
‘মন’ টো দেখুন প্ৰসাৰিত
ব্ৰহ্মাণ্ড ভেদি
বিশালৰ পৰা বিশালতালৈ..