বৰ্ণালী দেৱী
ধেমাজি

তৰংগায়িত ভাৱাবেগৰ বিস্তাৰ কিমান ?
কাৰোবাৰ দুখৰ তৰংগই কেতিয়াবা আনকো চুই যায় ?
হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব আছে নেকি
থাকিব পাৰে !

এনে অলেখ প্ৰশ্নৰ সমিধান আছে ইতিহাসৰ পাতে পাতে
ৰামায়ণৰ কথাকে ভাবাছোন !
দশৰথনন্দন ৰাম
আৰু
জনকনন্দিনী সীতা
কিযে অপূৰ্ব সংযুক্তি !

হৰধনু ভংগ কৰি ৰামে
সীতাক পত্নী হিচাপে পাইছিল ,
ধন্য হৈছিল দুয়োৰে জীৱন
কিন্তু সুখৰ দিন সোনকালে যায়
দুখৰ ৰাতিহে নুপুৱাই

তেওঁলোকও কাৰোবাৰ কুমন্ত্ৰণাৰ বলি হৈছিল
প্ৰতি নিয়ত নামিছিল দুখৰ ঢল

কিন্তু দুয়ো দুয়োৰে লগ এৰা নাছিল
হাঁহি হাঁহিয়ে বনক শেতেলি কৰি লৈছিল
লগত আছিল লক্ষ্মণৰ ৰূপত ভাতৃৰ সাহস

তাৰপাছৰ ইতিহাসে
তেওঁলোকৰ প্ৰেমৰে গীত গায়
সুখৰ মায়ামৃগ খেদি অজানিতে আঁকোৱালি লয় দুখৰ ভাৰ
হয় নাৰীৰ সুখ কচুপাতৰ পানীৰ দৰেই
সীতালৈও সমাজে নিক্ষেপ কৰে নিন্দাৰ শেল
অশ্ৰুতিকৰ বহু প্ৰশ্নই জনমানসত গুম্‌গুমায়
অগ্নিপৰীক্ষাৰে পবিত্ৰতা কৰাৰ পাছতো
অগ্নিকে অবিশ্বাসৰ কাঠগড়াত কৰিলে স্থাপন ,
সেয়ে পুনৰ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ল সীতা ৷
ৰাইজৰ বাবেই তেওঁক ত্যাগ কৰিবলৈ স্বামী ৰামকো কৰিলে বাধ্য

সগৰ্ভা সীতাক পঠিয়ালে বনলৈ
নিয়তিৰ কি যে নিষ্ঠুৰ পৰিহাস
ভগৱানৰ ভাগতো পৰে দুখৰ ভাগ
যুগে যুগে অনেক সীতাৰ কাহিনী আছে
যি সদায়ে সমাজৰ মিছা লাঞ্ছনাৰ বলি হয়
আৰু ছাঁই হয় একো একোখন সুখৰ ঘৰ ৷