দিম্পীমণি দত্ত
জীৱনৰ প্ৰতি থকা সন্মোহনেই মৃত্যুৰ পৰাজয়
মৃত্যুৰ মৃত্যু সম্ভৱ
সম্ভৱ সময়ৰ বুকুত বালিভোজ খোৱাটোও
লুইতেদি উজালেই এনে হাঁহাকাৰ
নামহীন
মৃত্যুৱেই মৰীচিকা
হাতৰ মুঠিত মৃত্যু উঠিলেই সেয়ে বিৰাগ জন্মে বুকুৰ
বুকুৰ চোতালত বালিভোজ খোৱাটো যে অসম্ভৱ
লুইতেদি উজালেই এনে হাহাঁকাৰ
বিৰামহীন
ক’ৰ পৰা এই গছ
এই মাটি
এই পানী
এই মানুহ
জীৱনৰ মৰীচিকা খেদিবৰ বাবেই কত ঐনিতম
আপংৰ ৰাগি
বাঁহতলৰ সেমেকা শূন্যতা
হাতীৰ ভয়ে খেদা ৰাতি আৰু ৰাতিৰ টোপনি
লুইতেদি উজালেই এনে হাঁহাকাৰ
অহৰহ অপংক্তি
হেঁচা মৰা চকু
জীৱনৰ আৰম্ভণি যি ঠাইত হৈছিল তাতেই ৰুব লাগিছিল এজোপা গছ
তাতেই কৰিব লাগিছিল এডৰা বাঁহনী
খান্দিব লাগিছিল পুখুৰী
লুইতেদি উজালেই এনে হাঁহাকাৰ জোনাকী
বৰ হাহাঁকাৰ
জীৱন বিভ্ৰম মৰীচিকা
