শোভামণি দত্ত তামুলী
চকু মুদি শিলক
কিয় বিশ্বাস কৰিলি শকুন্তলা
শিলক শিতান লৈ
টোপনি গ’লি কিয়
দেখিলি কিয়
শিলক আপোন কৰাৰ সপোন
শিলৰ হৃদয় আছে বুলি ভবাটোৱেই ভুল
চিকাৰী দুষ্মন্ত
হৰিণাই হওক বা শকুন্তলা
চিকাৰ লাগে
লাগে কেঁচা মঙহৰ গোন্ধ
শিলক বিশ্বাস কৰা মানুহে
বুকুত বান্ধিব লাগে এচটা শিল
ৰ’দে-বতাহে চুব নোৱৰাকৈ
প্ৰেমত বাউলি নহ’বি
শকুন্তলা
ভাৱনাত নাযাবি ভুল
ঋষিৰ শাপত মজিবি
শকুন্তলা
ঋষিয়ে কি বুজিব প্ৰেমৰ আকুলতাক
ঋষিও পুৰুষ
পুৰুষ দুষ্মন্ত
দেহে-মনে ভৰিলে
নাৰীয়ে আদৰে
পুৰুষে পাহৰে
এই কথা তই কিয় পাহৰিলি
শকুন্তলা
নাকান্দিবি শকুন্তলা
গাত লেঠা থাকিলে
দুখ কৰিব নাপায়
পেতৰ সন্তানে কষ্ট পাব
প্ৰেমত চিন কিয় লাগে শকুন্তলা
দলিয়াই দে আঙুঠি
হেৰোৱাৰ অজুহাত নেদেখুৱাবি মানুহক
নক’বি মাছে আঙুঠি খোৱাৰ কথা
চতুৰ দুষ্মন্ত
মন গ’ল
ৰজাক দেহ লাগে
সময় গ’ল
এতিয়া প্ৰমাণ লাগে
কথাত ভুল নাযাবি শকুন্তলা
পুনৰাই নেদেখিবি প্ৰেমৰ সপোন
ভাঙি থৈ আহ এবাৰ
ৰজা ঘৰৰ ভেম
কৈ দে
গভীৰ অৰণ্যত
বাঘে-হৰিণে একেলগে
ডাঙৰ হোৱা নাৰী তই
অতদিন হৰিণা হ’লি
এতিয়া বাঘিনী হ
দেখুৱাই দে সিহঁতক
আৰু দুষ্মন্তই চুব নোৱৰাকৈ
শকুন্তলা আজি অবলা নহয়
নহয় অবলা কোনো
সমাজৰ নাৰী।
