বন্দনা দত্ত হাজৰিকা
অগণিত কামৰ হেচাত
মনটো উদাস নেকি
মোৰ ওচৰলৈ আহা
একেবাৰে ওচৰলৈ
এবাৰ চুই চোৱা
মই তোমাৰ সেউজ প্ৰেমিক
বৰষুণৰ সৈতে আলিংগন কৰা
মেঘৰ সৈতে কথা-পাতা
অভিমানো কৰিব পাৰা
মুকুতা সদৃশ বৰষুণৰ টোপাল
চুই চোৱা
ময়েই তোমাৰ নীলাভ প্ৰেমিক..
এতিয়া চৌদিশে পোহৰ
সপোনে ঠন ধৰিছে
আশাই গজালি মেলিছে..
আহা তেন্তে দূৰন্ত প্ৰেমিক হৈ
একেলগে গুণগুনাও
সেউজীয়াৰ গান
পোহৰৰ গান…
