মানসী গগৈ

ভঁৰাল ভৰি থাকিলে মন পাতলে
উৰাৰহে কথা
ধূলি উৰে, শুকান পাত উৰে
পচোৱা-মলয়াৰ বা উৰে
ঘৰৰ পৰ্দা উৰে, চোতালৰ ধূলি উৰে
মন উৰে, উৰে বন

পাটি এৰি কামলৈ, ঘৰলৈ আহি শুবলৈ :আমাৰ দৈনন্দিন
ফুলবোৰৰ নাম লৈ ফাগুন আহে,যায় গুছি

ফাগুন
খিৰিকিৰে সোমাই আহে পাত এখিলা হৈ
সোধে- গোন্ধ আছেনে
আছেনে গাত তেজ বল
গাত তেজ বল নহ’লে মানুহৰ নিজলৈ আদৰ কমে

খিৰিকিৰে
তুলা হৈ পৰেহি গাৰুত
সুধো- সুকোমল হৈ আছানে
এৰি আহিছানে খহটা বাকলিৰ গাৰু বালিছ
মানুহৰহে আছে ইযোৰৰ পাছত সিযোৰ বসন
আনে যাতে ধৰিব নোৱাৰে কেনে আছে তেওঁ

ফাগুনৰ ৰাতিৰ খিৰিকী যাৰ খোলা থাকে
তেওঁৰ নিজলৈ উভতিবৰ মন নাযায়
খিৰিকীৰ পাছৰ খিৰিকী খুলি গৈ থাকে

বনৰ জুয়ে দেই নিলে
বৰনৈৰ বলুকাত বহে।