ভূপেন গগৈ
চেপন,শিৱসাগৰ
আন্ধাৰতে জী আছোঁ
আন্ধাৰতে জী থাকে ঈশ্বৰ
প্ৰেম আৰু মৃত্যু
খেপিয়াই ফুৰোঁ
ওচৰতে ক’ৰবাত হেৰাই যোৱা
প্ৰণয়দীপ্ত উচ্ছাসৰ সাধু
মাজে মাজে ভাবি থাকোঁ
আন্ধাৰ মানে কি
অনাগত পোহৰৰ উৎস
নে ভূতপূৰ্ব পোহৰ
দেখি থাকোঁ
জীৱনে য’ত প্ৰাৰ্থনা কৰে
তাতো পিয়াপি দি থাকে
পোহৰে পুৰি নিঃশেষ কৰিব নোৱৰা
এন্ধাৰৰ যাদু
যৌৱনৰ প্ৰথম দিনবোৰত যেতিয়া
প্ৰচলিত বিপ্লৱৰ ইস্তাহাৰ পঢ়িছিলোঁ
তাতো পোহৰৰ সমানে সমানে
আন্ধাৰেও ভিৰ কৰা দেখিছিলোঁ
এনেকি জোন জোনাকী জ্বলি জ্বলি
গলি থকা ৰাতিবোৰক
তোমাৰ কাষলে’ চাপি অহা
আতোলতোল শীতৰ গধূলিবোৰক
ৰিব ৰিব আন্ধাৰে
সাৱতি থকা দেখিছিলোঁ
আন্ধাৰতে জী আছোঁ
আন্ধাৰত জী থাকে ঈশ্বৰ
প্ৰেম আৰু মৃত্যু।।
