পুষ্পলতা দাস
ভবা নাছিলো অৱহেলা বোৰে
এদিন বিদ্রোহৰ সীমা
অতিক্রম কৰিব
দুটি লগ হোৱা মন
দুটি পাৰ হৈ আতঁৰি যাব
বিশ্বাসৰ বিৰিখত কেতিয়ানো
কাউৰীয়ে পোৱালী জগালে
আপোনভোলা কুলিজনীয়ে
গমেই নাপালে
আস্থাৰ লক্ষণ ৰেখাডাল দেও দি
এটা ভীৰু পক্ষীয়ে বিশ্বাসৰ হত্যা কৰিলে
সেইদিনা আত্মহত্যা কৰিলে, এসোপা মৰম লৈ
কপৌ এজনীৰ কলিজাটোৰে
সুঁতি সলোৱা নদীখনে নির্বিকাৰ হৈ বৈ গ’ল
অন্য এক মোহনাৰ দিশে
এটি অচিন বিজতৰিয়া পক্ষীয়ে
এখন অৰণ্য চেদেলি ভেদেলি কৰিলে
সপোনৰ হেঁপাহৰ বীজবোৰ অংকুৰিত হ’বলৈ নাপালে
তলসৰি ৰ’ল কত যে আশা আৰু হেঁপাহ
এটা অচিন পক্ষীৰ আগমন আৰু
এজনী কপৌৰ কলিজাৰ আত্মহত্যা ।
