নবীন কামান

ভ্ৰাম্যভাষ-৮০৯৯৭৬২০৯১


সুৰীয়া আবেলি এটা সংগোপনে বুকুত লৈ তোমাৰ চকুত জিৰালেহি
মোৰ সাতোটি সুৰৰ যন্ত্ৰণা
ওঁঠত নিজান ৰাতিৰ নিৰৱ মূৰ্চ্ছনা ।

হেঙুলীয়া বেলি এটা বান্ধি আনিছা মোক এটি সুৰ দিবলে’ ।
লুইতৰ এবুকু লৈ আনিছা মোক এসাগৰ জোৱাৰ তুলিবলৈ ।
তোমাৰ বুকুত লুইতৰ অলেখ ঢৌৰ কঁপনি
মোক এটি সুৰ দিবলে’,
চকুত পৰিধি ভঙাৰ সপোন
আৰু এটি গীতৰ অন্তৰা-মধ্যমা ।

তোমাৰ ওঁঠৰ আবিৰ সনা ৰঙবোৰ বিয়পি পৰিছিল
মোৰ সুৰৰ লহৰে লহৰে ,
এই আবিৰৰ ৰং সুৰীয়া প্ৰাণৰ বাবে
এই লহমা নিৰৱতাৰ এটি এটি সোঁৱৰণীৰ বাবে ।

তোমাৰ চকুত জিৰালেহি মোৰ সাতোটি সুৰৰ যন্ত্ৰণা
ওঁঠত নিজান ৰাতিৰ মুখৰিত মূৰ্চ্ছনা ।