© নবীন কামান


“শাওনৰ মেঘমুক্ত নীলাকাশ সূর্যস্নাত ক্লেদময় হে বিশাল পথাৰ-বিপুল সম্ভৱা নাঙলৰ সীৰলুত সোণফলা মাটিৰ কামনা ঘমাক্ত দেহ দেহাতীত সৃষ্টিৰ চেতনা।”

– ৰাম গগৈ

যোৱা ৯ ছেপ্টেম্বৰ তাৰিখে ‘পথাৰ কবি’ তথা সদৌ অসম কবি সম্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈদেৱৰ ৩১ সংখ্যক স্মৃতি দিবস ৰাজ্যজুৰি উদ্‌যাপিত হয়। সদৌ অসম কবি সম্মিলনৰ কেন্দ্রীয় সমিতিয়ে ডিব্রুগড় জিলা কবি সম্মিলনৰ আতিথ্যত টেঙাখাতত স্থাপিত ডিবুৰু কাব্যভবনত কেন্দ্রীয় কার্যসূচী অনুষ্ঠিত কৰে। পথাৰ আৰু কবিতা সংপৃক্ত চেতনাবে লিখিত এই অমৰ কবিতাটিৰ প্ৰথমটো স্তৱকৰে এইগৰাকী পিতৃতুল্য মহান কবিলৈ প্রণিপাত জনাইছোঁ। ব্যক্তিগত জীৱনটো কবিতাৰ পৰা খণ্ডিত নকৰাকৈ সমগ্র জীবনজুৰি কবিতাৰ জয় গান গাই মানৱতাৰ হকে বন্দনা কৰি গ’ল এইগৰাকী মহান কবিয়ে।

বিখ্যাত দার্শনিক কবি খলিল জিব্রানে কবিসকলৰ সম্পর্কে কৈছে-“তেওঁ এইখন আৰু অনাগত পৃথিবীৰ যোগসূত্রকাৰী তেওঁ সেই নির্মল নিজৰাটো, য’ৰ পৰা সকলো তৃষ্ণাতুৰ হৃদয়ে পান কৰিব পাৰে। তেওঁ এজোপা বৃক্ষ, যিজোপাক সৌন্দর্যৰ

নৈখনে পানী দিয়ে। ফলবোৰ ভোকাতুৰ হৃদয়ে হাবিয়াস কৰে।”

এয়াযে পৃথিৱীৰ সকলো কবিৰ মৌলিক বৈশিষ্ট্য। পথাৰ কবি ৰাম গগৈদেৱৰ ক্ষেত্ৰত সেয়া সম্পূর্ণ প্রণিধানযোগ্য। ধেমাজি জিলা কবি সন্মিলনে প্রকাশ কৰা প্রস্তাৱনা সংখ্যা ই-কাব্য আলোচনী ‘আঙনি’খন এইগৰাকী মহান কবিলৈ শ্রদ্ধা জনাই ‘পথাৰ কবি ৰাম গগৈ স্মাৰক সংখ্যা’ হিচাপে উছৰ্গা কৰা হ’ল।

পথাৰ মানৱ সভ্যতাৰ আদিমতম ইতিহাস। আদিম অঘৰী জীৱনৰ সামৰণি ইয়াৰ বুকুতে। সংগঠিত মানৱ সমাজৰ পাতনি এই পথাৰতে। বন্য জীৱন এৰি স্থায়ী আধুনিক সভ্যতালৈ ক্রমে মানৱ সমাজ অগ্ৰসৰ হৈছে পথাৰত যুগ যুগ ধৰি কৰা কৰ্ষণেৰে। সৃষ্টি আৰু কৃষ্টিৰ পাতনি মেলে এই পথাৰতে। মানুহক স্থায়ীভাৱে অন্নৰ যোগাৰ দিবলৈ আৰম্ভ কৰে এই পথাৰে। মালিক আৰু শ্রমিকৰ জন্ম হয় এই পথাৰতে। শোষিত আৰু শোষকৰ জন্মস্থলী আৰু কত বিদ্রোহ-বিপ্লৱৰ কঠিয়াতলী হ’ল এইখন পথাৰ।

অসমৰ লোকজীৱনত পথাৰ হ’ল অন্যতম প্রাণকেন্দ্র। পথাৰখন বাদ দি অসমৰ সমাজ জীৱন ভাৱিব নোৱৰা এটি বিষয়। বর্ণ-বৈচিত্রময় অসমৰ প্রতিটো জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, লোকাচাৰ, লোক-পৰম্পৰা, উৎসৱ-পার্বণ, দৈনন্দিন জীৱন প্রণালীত পথাৰ হ’ল প্রাণকেন্দ্র। আধুনিক কৃষি বিপ্লৱে উল্লেখনীয়ভাৱে চুই যাব নোৱাৰা অসমৰ কৃষি আৰু কৃষকসকলৰ বাবে পথাৰ হ’ল জীৱন আৰু জীৱিকাৰ মূল থলী।

উল্লেখনীয় যে, আধুনিক কৃষি বিপ্লৱে যদিও অসমৰ কৃষকক চুই যাব পৰা নাই, অসমৰ কৃষি ক্ষেত্ৰৰ ৰূপটো দেশৰ অন্য ঠাইৰ স’তে কিছু পৃথক। পথাৰৰ মাটিৰ মালিকীস্বত্ব অসমৰ কৃষকসকলৰ ক্ষেত্ৰত খণ্ডিত আৰু উপান্ত কৃষকেই অধিক। সেয়েহে তাকৰীয়াকৈ হ’লেও অসমৰ কৃষকৰ নিজা মাটি থাকে। মহাজনী ব্যৱস্থা অসমত প্রৱল নহয় অথবা নাই বুলিব পাৰি। এই যে সকলো কৃষকৰ কমকৈ হ’লেও একো একোটা ভঁৰাল থাকে সেয়া অসমৰ কৃষকৰ অন্যতম বৈশিষ্ট্য। খেতিৰ বতৰত খেতিয়কৰ উৎসাহৰ অন্ত নাই। অসমৰ খেতিৰ বতৰবোৰত পথাৰবোৰ মুখৰিত হৈ থাকে।

অতি সম্প্রতি আমাৰ পথাৰবোৰ ক্ৰমান্বয়ে সলনি হৈ আহিছে। বর্ধিত জনসংখ্যাই সংকুচিত কৰা পথাৰ, পৰম্পৰাগত কৃষি পদ্ধতিৰে বহু বছৰ ধৰি কৰা কৃষিৰ বাবে অনুৰ্বৰ পথাৰত উৎপাদন হ্রাস, জলবায়ু পৰিৱৰ্তনৰ হেতু প্রকৃতি নিৰ্ভৰশীল খেতিৰ সমস্যা ইত্যাদি ইত্যাদিৰ হেতু আমাৰ কৃষকসকল কৃষিৰ প্রতি অনীহা হৈছে।

এই সমস্যাবোৰৰ বাবে অসমৰ শস্য শ্যামলা পথাৰবোৰ যেন নোহোৱা হৈ যাব। ফলত লাহে লাহে যেন হেৰাই যাব প্রতিটো গ্রাম্য পৰিয়ালত থকা সেই সোণগুটিৰ ভঁৰালবোৰ। যি ভঁৰালে দিয়ে প্রতিটো পৰিয়ালক এমুঠি অন্নৰ ভৰসা আৰু জীয়াই ৰাখিছে বৈচিত্রময় কৃষ্টি-সংস্কৃতি।

কবি ৰাম গগৈৰ ‘পথাৰ’ কবিতাটিৰ আঁতধৰি আহক আমি সকলোবে আমাৰ বিপুল সম্ভৱা পথাৰখন নতুনকৈ চাওঁ, যিখন পথাৰে দি আহিছে আমাক এমুঠি ভোকৰ অন্নৰ উপৰিও চহকী কৃষ্টি-সংস্কৃতি আৰু জীয়াই থকাৰ অমল প্রেৰণা।

“সুন্দৰ যে ফুলাৰ মন্ত্র অহোৰাত্রি মাতে সেয়েহে আজি ইমান ফুল প্রভাতে প্রভাতে।”

জয়তু সদৌ অসম কবি সন্মিলন

জয়তু ধেমাজি জিলা কবি সন্মিলন।