হেমচন্দ্ৰ কছাৰী
সম্পাদক
সুকুমাৰ কলাৰ শ্ৰেষ্ঠ হ’ল সাহিত্য। আৰু সাহিত্যৰ শ্ৰেষ্ঠ হ’ল কবিতা। কবিতাৰ সংজ্ঞা যিয়েই নহওক, কবিতাত মগজুৰ চিন্তা আৰু হৃদয়ৰ আবেগ নিহিত হৈ থাকে। কবিতা হ’ল জীৱনৰ বৈচিত্ৰময় আৰু জটিল কলাত্মক সৃষ্টি । আচলতে কবিতা লিখোঁ বুলিয়েই লিখিব নোৱাৰি ! এটা ভাল কবিতা সৃষ্টি কৰিবলৈ হ’লে কবি এজনক নিশ্চয় যঠেষ্ট সময়ৰ প্ৰয়োজন হয়। বাটত গৈ থাকোঁতে হঠাৎ কবিতাৰ বীজ অংকুৰিত হ’ব পাৰে, কৰ্ষণৰ অবিহনে সি কিন্তু কেতিয়াও পূৰ্ণ হ’ব নোৱাৰে। কবিতাই আত্মাত বাহ সাজিব লাগিব। কবিতাই বুকুত এক চ্টফটনীৰ সৃষ্টি কৰিব লাগিব । আচলতে কবিতা এটাৰ আঁৰত কবিজনৰ মুখ লুকাই থাকে বুলিব পাৰি ।সেয়ে কবিতাটো নিজৰ মনৰ প্ৰশান্তিৰ বাবে লিখিছোঁ নে পাঠকৰ বাবেও লিখিছোঁ সেই কথা কবিজনে স্থিৰ কৰিব পৰিলে ভাল বুলি আমাৰ মনে কয় ।
বৰ্তমান অসমীয়া সাহিত্যত ডঃ বাণীকান্ত কাকতি , ডঃ ডিচেম্বৰ নেওগ,ডক্টৰ হীৰেণ গোহাঁইদেৱৰ দৰে সাহিত্য সমালোচকৰ খুব প্ৰয়োজন হৈছে । আচলতে নিৰ্মোহ সাহিত্য সমালোচনা সাহিত্যৰ উন্নতিৰ মাপকাঠি বুলিব পাৰি।
যিকি নহওঁক -‘আঙনি’ ৰ অৰ্থ হ’ল ৰঙাহৈ জ্বলি থকা অঙঠা; যাক আমি জীৱন্ত অঙঠা বুলি ক’ব পাৰোঁ । উৎকৃষ্ট সাহিত্যৰ ক্ষেত্ৰতটো একেই কথা, পঢ়াৰ পাছত মনগহনত উমি উমি ক্ৰিয়া কৰি থাকে বহুদিনলৈ। তেনে সাহিত্য সৃষ্টিৰ চোতাল হওক ‘ আঙনি’ । বৰ্তমান প্ৰেক্ষাপটলৈ লক্ষ্য কৰি সচেতন ব্যক্তি হিচাপে আমি যদি জাতীয় সত্তাৰ প্ৰসংগটো ‘আঙনি’ শব্দৰ লগত ৰজিতা খোৱাও , তেন্তে নিশ্চয় ভুল কৰা নহ’ব। সঁচাকৈ আমাৰ অসমীয়া জাতিটৌ জীৱন্ত অঙঠানে! নে লাহে লাহে ম্লানহৈ এঙাৰলৈ ৰূপান্তৰিত হ’ব ধৰা এটুকুৰা অঙঠা ! এ.আইৰ পৰা পোৱা তথ্য অনুসৰি worldometerৰ মতে ১১ আগষ্ট ২০২৫ তাৰিখলৈকে( লিখি থকা পৰলৈকে)পৃথিৱীৰ জনসংখ্যা ৮,২৩৯,১০৭,৯৯৭ জন( প্ৰায় ৮২৪ কোটি) । ইয়াৰে অসমত আছে প্ৰায় তিনি কোটি ষাঠি লাখ মানুহ । ২০১১ চনৰ ভাষা গণনাৰ তথ্য মতে মাত্ৰ ৪৮.৪% মান মানুহেহে মাতৃভাষা হিচাপে অসমীয়া ভাষা কয় ! এতিয়াতো ২০২৫ চন ! বৰ্তমান অসমত যি সংকটে মূৰ দাঙি উঠিছে, ভাবিবলৈয়ে ভয় লাগে!
‘ আঙনি’ ধেমাজি জিলা কবি সন্মিলন তথা কেইজনমান স্বাভিমানী অসমীয়াৰ চিন্তাৰ ফচল । এয়া অসমীয়া কবিতাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক ক্ষুদ্ৰতম প্ৰয়াস । ভাষা তথা জাতিটোৰ সংকটৰ সময়ত প্ৰহৰী হৈ থিয় দিবলৈকে ‘আঙনি’ৰ জন্ম হৈছে।
আমাৰ এই যাত্ৰাত যি সকল কবি- সাহিত্যিক তথা অনুৰাগীয়ে আঙনিৰ প্ৰস্তাৱনা সংখ্যাটো প্ৰকাশৰ ক্ষেত্ৰত আমাক সহযোগিতা কৰি উৎসাহিত কৰিলে তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ।আলোচনী এখনৰ সফলতা পাঠকৰ ওপৰত নিৰ্ভৰ কৰে।পাঠক সকলে নিশ্চয় আমাৰ এই প্ৰচেষ্টাক আদৰি ল’ব বুলি আশা কৰিছোঁ। পাঠক সকলে আলোচনীখনত ৰৈ যোৱা ভুলবোৰ আঙুলিয়াই দিলে পৰৱৰ্তী সংস্কৰণত আমি শুধৰাবলৈ প্ৰয়াস কৰিম , লগতে অধিক গুণগত মানদণ্ডৰ আলোচনী প্ৰকাশ কৰিবলৈ আপোনালোকে দিয়া পৰামৰ্শ আমি সাদৰেৰে গ্ৰহণ কৰিম।
শেষত সদৌ অসম কবি সন্মিলনৰ দীৰ্ঘায়ু কামনা কৰি প্ৰস্তাৱনা সংখ্যাৰ সম্পাদকীয় সামৰিলোঁ।
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে
সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে “
