নবীন বুঢ়াগোহাঁই, ধেমাজি
ভ্ৰাম্যভাষ-৬০০১৬৫২৫২৫
বোৱতী নদীৰ সোঁতত
বৈ আহে
হৃদয়ত আঘাত দিয়া
সুৰৰ দৰে শব্দ
হেৰোৱাই দিব নোখোজা
প্ৰৱাহিত অুনুভূতি
মোৰ চাৰি দিশত
আৱৰি আছে ৷
তুমি বিগলিত সকৰুণ মাত
তোমাৰ অনুভৱ দীৰ্ঘ বাণী
উৎসাহী
বহুদিনৰ বিৰতিত সূৰ্য
বহুদিনৰ বিৰতিত পূৃৰ্ণিমাৰ পোহৰ
উৎসাহী জোনাকৰ শব্দৰ সাগৰ
অনুপ্ৰেৰণাৰ মাটিপানী গোন্ধ
ধুমুহাৰ পিছৰ পৰিৱেশ
আৰুনো কি কম !
সিপাৰৰ পৰা জুমি চাম ?
হব !
