জানমণি সঁজাতি, ধেমাজি, ভ্ৰাম্যভাষ-৯৯৫৪৩১৩১৫৫


কিহৰ লালসাৎ ৰাঙলী হয়
অমৃত সন্তান
জীয়া কলিজা হাতৰ মুঠিত
ধ্বংসস্তূপত উচুপে অবোধ শিশু
আন্ধাৰত খেপিয়াই
মৃত মাতৃৰ পিয়াহ
গাজী,ইউক্ৰেন,পেহেলগাম
নিৰ্বিচাৰ গুলিত ছাঁই হয় আশা
মূক হয় নৱবধূৰ হৃদয়
য’ত চিতাত উঠিবলৈ লাজ পাই মৃত্যু
নালাগে গাব মানৱৰ জয়গান

এমুঠি শান্তি দিয়া
ডেউকা মেলি উৰক বিশ্বত
প্ৰতিষ্ঠা হওঁক নৱ চেতনা
আলোকিত হ’ব ভূস্বৰ্গ
ধৰ্মান্ধ নাশি আলোকিত হ’ব বন্তি গছি।