ভাৰতী বসুমতাৰী ,ধেমাজি
ছোৱালীজনী শিললৈ গুচি যোৱা কথাষাৰ
সকলোৱে জানিছিল
শিলক কংক্ৰিটৰ বাবে মানুহৰ উজানৰ হাত উঠিছিল
শিল ভাঙি গুড়ি কৰাৰ দায়িত্ব লৈছিল
চহৰৰ ধনী ঠিকাদাৰে
নিলাম বজাৰত মেলি দিয়া হ’ল শিল
শিলৰ ওজন যিমানে বাঢ়িল
ক্ৰমাৎ মানুহৰো শিল হোৱাৰ বাসনা বাঢ়িল
আপাতত প্ৰতিজন মানুহেই এতিয়া শিল
যি শিলৰ বুকুত যুদ্ধৰ অমোঘ ৰহস্য
সেই শিলৰ গৰ্ভতে সৃষ্টিৰো অৰ্থ!
হে খনিকৰ ৰূপ দিয়া
শিল হওক সহজ/সত্য জীৱন।
