নিৰোদ গোহাঁই
ঐনিতম এটি
আঁতৰি গৈছে দূৰৈলৈ
চিৰাচিৰ বাট শুকাই অহা বাঁহনিৰ মাজতো
কপৌফুলৰ কথা তোমাৰ মুখ ভৰি আছিল
আজি ঘাটত ৰৈ থকা নাই নাৱৰীয়া
ডাৱৰীয়া বতৰ ফাগুণমহীয়া
কাৰেং চাপৰিৰ শিমলু ফুলিছে
ব’লা ৰফিকদা
ৰৈ আছে তোমালৈ
চাকিৰ চাংঘৰটি
তাতে পৰঃ আপঙৰ লগত বহোঁগৈ
ইয়াৰপৰা নুশুনি বিননি
কাবানৰ
নুশুনি
লালিলাঙৰ উচুপনি।
