ভাৰতী বসুমাতাৰী, ধেমাজি

ভ্ৰাম্যভাষ-৭০০২২১৪২২৬

কালি হঠাৎ দেখিলোঁ
ব্যস্ত বৰষুণৰ সমলয়ত
অভ্যস্ত তোমাক

এই যে বুকুখন হঠাৎ কঁপি উঠা
চখটো
মোৰো পুৰণা

যেন
কথমপি সলাই আছোঁ উশাহ

যেন ভয়ে ভয়ে চাই আছোঁ এন্ধাৰ

তুমি আকৌ নুসুধিবা
এন্ধাৰ কেনেকৈ চোৱা

এন্ধাৰ চাবলৈ জানো অজুহাত লাগে

এন্ধাৰ চুবলৈকো কাৰণ জানো থাকে ৰাতি নহ’লেও তুমি যেতিয়া এমুঠন এন্ধাৰ হ’ব পাৰা

এন্ধাৰ নেথাকিলেও যেতিয়া
ৰজনীৰ গীত হ’ব জানা

কি ধাৰাসাৰ সেই এন্ধাৰ
কি ধাৰাসাৰ ৰাতিৰ নক্সা

এন্ধাৰ চাবলৈকেতো উৰি আহে অৰণ্যৰ কত অসুখী চৰাই

এন্ধাৰ চুবলৈকে দৌৰি থাকে অন্ধ নদীৰ কত মাছ

আনকি হেজাৰ বছৰ আগেয়ে মৰি যোৱা জোনজনীয়েও।