দেবানন্দ পেগু, জোনাই

ভ্ৰাম্যভাষ-৯৮৬৪৮৪৮৫৫৩

সুৰাসক্ত পথিক মই

মোৰ লক্ষ্য এই বিশাল সাগৰখন

য’ত উদিত হৈ থাকে ৰাঙলী সূৰুয

এই সাগৰখনেই মোৰ জীৱন

জীৱনকে পান কৰি তলি উদং কৰিব বিচৰা দৈত্যাসুৰ মই

মই য’তেই গ’লেও মোৰ পৰা আঁৰত থাকিব নোৱাৰে সি

লাগিলে হাবি,অৰণ্য কিম্বা চহৰ,নগৰ,মহানগৰটো

মই কেতিয়াব পাগল প্ৰেমীক,কেতিয়াবা বীৰ সেনাপতি

কেতিয়াবা পৰাজিত সৈনিক

মৰুভূমিৰ মৰীচিকা খেদি খেদি সৰগলৈ যাত্ৰা কৰা পথিক মই

জোনাক নিশাৰ ছাঁ বিচাৰি বিশ্ৰাম লোৱা ভাগৰুৱা শ্ৰমিক

শূন্যত গদা ঘূৰাই বিশ্ব জয় কৰা লুইত পৰীয়া ডেকা ল’ৰা

এই সাগৰখনত ডুবিব পালেই

মই হওঁ শিল্পী,বক্তা, কিম্বা কথা কোৱা ভাটৌ চৰাই

দয়া নাই ,ভয় নাই বাট-পথ দখলকাৰী বাটৰুৱা মই

সাত সাগৰ তেৰ নদীৰ সিপাৰ হাতেৰে ঢুকি পাওঁ

পাহাৰৰ শিখৰত ঘৰ সজোৱা তেনেই সহজ মোৰ বাবে

নৈখনৰ কোবাল সোঁতত দিক্‌ বিদিক হেৰুৱালেও এৰিব নোৱৰোঁ নৈখনৰ ৰাঙলী সূৰুয

দূৰন্ত পখীৰ দৰে মোৰ শৰীৰটো

সিৰে সিৰে ৰক্তপ্ৰৱাহ ধাৱমান হৈ

মহাশূন্য লৈ

পাগল প্ৰেমীক সেই অনাবিল সুখৰ

যাক নাপালে দেহমন ক্লান্ত নহয় মোৰ।