জ্যুচেং চাংমাই
মই ৰৈ আছোঁ
উদাস আকাশখনলৈ চাই ..
সম্ভৱতঃ এজাক বৰষুণ আহিব….
বৰষুণ জাকত
জীপাল হৈ উঠিব চনপৰা পথাৰৰ
অনুৰ্বৰ ঘাঁহনিবোৰ ….
হেজাৰটা সপোনৰ সম্ভাৱনাৰে
লিপ্ত হৈ পৰিব সহবাসৰ মধুৰ আলিংগনত ….।
তুমিতো জানাই
বৰষুণৰ মই আজন্ম প্ৰেমিক
যিদৰে মই প্ৰেমিক হৈ পৰিছিলোঁ এদিন তোমাৰ
বাসনাহীন অতৃপ্ত এখন হৃদয়ৰ ….।
মই নুবুজাকৈয়ে
কেনেকৈ তুমি আঁকি দিব পাৰিছিলা
মোৰ উদাস দুচকুত
মৰা কলিজাৰ
প্ৰেমৰ এখন নগ্ন ছবি ….।
প্ৰেম মানেই বুজাই দিছিলা
বিশ্বাস আৰু প্ৰতাৰণাৰ এখন
অলিখিত দলিল …।
শূন্যতাই গিলি ৰখা মোৰ
বুকুৰ দুখৰ কামিজ পিন্ধি ….
কিমান বাৰ তিতিছোঁ বৰষুণৰ টোপালত …
মোৰ নিজা সত্ত্বাক বিচাৰি …
কিমান বাৰ লুকুৱাই ৰাখিছোঁ
বৰষুণৰ টোপালত এই
ছাইভৰ্তি মানুহজনী …
অথচ কথাবোৰ বহু পুৰণি
তথাপি ধাৰ আছে …
যি মোক লৈ যায়
বুকুৰ যন্ত্ৰণাৰ জীয়া পোতাশাললৈ ..।
পুনঃ
সম্ভৱতঃ বৰষুণ জাক আহিব
মই তিতিম তিতিম আৰু তিতিম
মোৰ হেৰুৱা নিজস্ব সত্ত্বাক বিচাৰি …
তুমিতো জানাই বৰষুণৰ মই আজন্ম প্ৰেমিক
সম্ভাৱনাত
জী উঠিব সপোনৰ এটি নতুন গজালি …।
