হেমচন্দ্র কছাৰী

“এতিয়া বসন্ত কাল
ফুলতকৈ কাঁইটেই ভাল “
এইবুলিকৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল।

কাঁইটয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন
মোৰ কলিজাৰ এফাল

এতিয়া বসন্ত কাল
ফুলতকৈ কাঁইটেই ভাল ।


হীৰুদাৰ এই কবিতাটোৰ ভাবাৰ্থ যিয়েই নহওঁক ইয়াত যে বসন্তৰ এখন সুন্দৰ ছবি প্ৰস্ফুটিত হৈছে সি ধুৰুপ। পৃথিৱীত এনে বহু মহান সাহিত্য আছে যি বসন্ত কালকলৈ সৃষ্টি হৈছে। উদাহৰণ স্বৰূপে-
ৰবীন্দ্ৰনাথ ঠাকুৰৰ ” ওৰে গৃহবাসী, খোল দ্বাৰ খোল ” কবিতাটিও বসন্ত ঋতুকলৈ লিখা এটি বিখ্যাত কবিতা। কবিতাটোত মানুহক ঘৰৰ ভিতৰত বন্দীহৈ নাথাকি বাহিৰলৈ ওলাই আহি প্ৰকৃতি ৰাণী বসন্তৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহ্বান জনাইছে ।
কবি উইলিয়াম ওৱৰ্ডচৱৰ্থেও তেওঁৰ “Lines Written in Early Spring ” কবিতাত বৰ সুন্দৰকৈ বসন্তৰ গুণানুকীৰ্তন কৰিছে।তেওঁ প্ৰকৃতিৰ ফুল গছ পখিলা আদি দেখি বৰ আনন্দ পাইছে। একে সময়তে তেওঁ ভাবিছে মানুহৰ মাজত কিয় অশান্তি আৰু দুখ আছে! বসন্তৰ দৰে সুন্দৰ নহয় কিয় মানুহৰ জীৱন!
আমি যদি ভালদৰে চাও কেৱল উদ্ভিদ আৰু মানৱ জাতিয়েই নহয়, বসন্তৰ আগমনৰ লগে লগে যেন অন্য প্ৰাণীবোৰৰ জীৱনলৈও নতুন উদ্দীপনা আহে। অন্য নালাগে নতুনকৈ বাহ সাজিবলৈ আমাৰ বাৰী চুকৰ দাউক কেইহালে, মুধচত বাহ লোৱা শালিকা-ঘৰচিৰিকা কেইহালে কেনেকৈ উথপথপ লগায় আমি সকলোৱে দেখিছোঁ । আৰু বিহুৰ বতৰা লৈ অহা আমাৰ অতি মৰমৰ কুলি কেতেকী কেইজনীৰ কথাটো ক’বই নালাগে।
সঁচাকৈ বসন্তৰ যেন যাদুকৰী ময়া আছে ; নহ’লেনো ‘ঋতুৰ ৰাণী’ খিতাপ পায়নে। সেয়ে ভূপেনদাইও গাইছে-


” বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গন জীৱনৰ ই সাহ “


দাবিংৰ সময়ত আনন্দ বক্সীৰ ” যব যব বাহাৰ আয়ে ” গীতটো অনুবাদ কৰি ভূপেন দাই গালে –


” নৱ নৱ বহাগ আহে
সৰু ফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায় “


হয় ,অসমীয়াৰ স্বাভিমান বহাগ বিহুকলৈ অজস্ৰ গীত- কবিতা ৰচিত হৈ আহিছে যিবোৰৰ বিষয়ে ক্ষন্তেকতে কোৱা সহজ নহয়। বসন্তৰ আগমনৰ লগে লগে অসমৰ বহাগ বিহুৰ সমসাময়িক ভাবে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন নামেৰে বিভিন্ন উৎসৱ- পাৰ্বন অনুষ্ঠিত হৈ আহিছে; যিবোৰ এটা জাতিৰ ইতিহাস, সাহিত্য-সংস্কৃতি তথা ঐক্যৰ বাহক হিচাপে পৰিগণিত হৈ আহিছে। দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশত নতুন বছৰৰ সূচনা হিচাপে পালন কৰা হয় “উগাদি” উৎসৱ। মহাৰাষ্ট্ৰত ঘৰবোৰত ‘গুড়ি’ তুলি উদযাপন কৰা হয় “গুদি পাড়ৱা” উৎসৱ। এই আটাইকেইটা উৎসৱ কৃষি জীৱনৰ আৰম্ভণিৰ উৎসৱ ।
প্ৰকৃতিৰ অৱক্ষয় দেখি কেতিয়াবা ভাৱোঁ- পৃথিৱীত যদি গছ-গছনি নোহোৱা হৈ যায় তেন্তে বসন্ত আহিবনে! যদিও আহে কেনেধৰণেৰে আহিব বাৰু! কোমল কুঁহিপাতৰ অবিহনে বসন্ত বসন্ত হৈ থাকিবনে!
শেষত এই কাপৰ পৰা এই বসন্তত এষাৰই কম- বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণ আমাক লাগে সঁচা, কিন্তু উন্নয়নৰ নামত বিশেষকৈ আমাৰ অসমত অযথাকৈ হৈ থকা প্ৰকৃতিৰ ধ্বংস যজ্ঞ বন্ধ হওক।