দেবানন্দ পেগু,জ’নাই
সময়বোৰ এতিয়া মোৰ বাবে নহয়
সূতা ছিঙা চিলা হৈ উৰিছোঁ শূন্যত। উভতি আহিব নোৱাৰোঁ।
ফেঁচাৰ কুৰুলীত আহুধান পানীত ডুবিল
পিতাইৰ উপদেশবোৰ পালতৰা নাও বুলি ভবাটোৱে মোৰ ভুল আছিল।
আইৰ আঙুলিত ধৰা সময়লৈকে খোজবোৰ পোহৰৰ বাটে আগবাঢ়িছিল
পাৰ ভঙা উন্মনা বানত মোৰ লেকাম ছিঙিছিল
উঁই-চিৰিঙাৰ দৰে গান গাই গাই মই পাহাৰৰ নামনিৰ নিছলা হালধীয়া পাত
মোৰ এতিয়া উদং ভঁৰাল
পাৰা যদি কোনোবাই বীণ এখন দিয়া
আধ্যাত্মিকতাৰ পোছাক পিন্ধি মুক্তিৰ বাবে গীত গাম।
