শৈল্য বুঢ়াগোঁহাই, ধেমাজি, ভ্ৰাম্যভাষ-৮৮২২২৫৫৬৩০


আহিনৰ আঁচলেৰে
বৰষাৰ চকুলো মচি
হেপেহুৱা হৃদয়ৰ প্ৰতীক্ষাত
নিয়ৰসনা কুঁৱলীৰ আঁৰে আঁৰে
ঢৌ খেলা জীৱনৰ ৰং
মোৰ আলসুৱা হেঁপাহৰ টোপোলাটি
তোমাৰ হাততে আছুতীয়াকৈ থ’ম

শৰত
তোমাৰস’তে মোৰ আজন্ম ভালপোৱা
শুভ্ৰতাৰ আৱৰণে ছটিয়াই দিয়া
মুঠি মুঠি জোনাকৰ লহৰ
হৃদয়ৰ খলা-বমাবোৰত
হেঁপাহৰ আচোঁৰ
শেৱালিৰ চিকুন কোমল হাঁহিত
থমকি ৰয়
এৰি অহা দিনৰ স্মৃতি কথা
ফুলি থকা দুখবোৰ ৰাতি ৰাতি সৰে
তুমি যেন মোৰ উশাহ উশাহ লাগে।