হাস্না মিপুন,জোনাই
ল’ৰা হোৱা হ’লে
নকৰিলোঁহেঁতেন বয়সৰ চিন্তা
নাভাবিলোঁহেঁতেন কথা কোৱাৰ সীমা ৰেখা
মন গলেই গ’লোহেঁতেন লগৰখিনিৰ লগত বহু দূৰ
পৃথিৱীৰ কোনটো পৃষ্ঠত কি আছে খুচৰি ফুৰিবলৈ ।
থাকিলোঁহেঁতেন মা দেউতাৰ চকুৰ মণি হৈ
থাকিলোঁহেঁতেন আঁকোৰগোজ হৈ নিজৰ মতে
সমাজৰ কিবা ৰীতি- নীতিৰ ভয় নকৰাকৈ
ত্ৰিছৰ আগত বিয়া হোৱাৰ ভয় নকৰাকৈ ।
কৰিলোঁহেঁতেন মনে বিছৰা অজস্ৰ কাম
জীলোহেঁতেন মনে বিছৰা পৃথিৱীখনত
নকৰিলোঁহেঁতেন কালৈকো ভয়
নাথাকিলহেঁতেন সমাজৰ তিৰষ্কাৰ ভয়।
