অমিলতা টায়ে মিলি
চিলাপথাৰ,ধেমাজি


লৃগাং তুমি অহাৰ বতৰা পাই
বৰনৈৰ বুকুত ঘনাই ঢৌ উঠিছে
দেহ মন উচতাই পচোৱাই চৌদিশে
ৰঙা ৰঙৰ ফাঁকু ছটিয়াই
কিন্তু —–
আজি মোলাই হাবিৰ ইকৰা ,খাগৰি ,
নল ,ঝাওবনবোৰে লঠঙা হৈয়ে ৰ’ল
কোনোবা ধন লোভী দানৱে
স্বাৰ্থৰ হেতু গাত ছটিয়াই দিলে
ছাইবৰণীয়া ৰং ৷
শীতৰ চেলেক হাড়লৈকে পোৱা বিষত
লৃগাং তোমাৰ অস্তিত্ব পাহৰাৰ উপক্ৰমত
বৰনৈৰ দাঁতিত গজি উঠা তৰাপাতে
সুগন্ধি বিলাব পৰা নাই
বিষাদৰ ছাঁত দেহমন ৰক্তাক্ত
বুকুত গুজৰি গুমৰি উঠে
অনিচ্ছা অনিহাৰ ভাব
উলাহত গজি উঠা নাই সেউজীয়াৰ আঁহ
তথাপিও লৃগাং বুকুৰ আপোন
হেঁপাহৰ বাকৰিত পালন কৰোঁ
পঃৰাগ আমৰাগ গুমৰাগ ।

তোমাক আদৰাৰ হেঁপাহত
আকাশত জুই জ্বলাই
পলাশ শিমলু মদাৰে
মলয়াৰ মৃদু বা লাগি
ডালে পাতে কুঁহিবোৰে হাঁহি মাৰে
মিচিং কনেঙৰ বুকুত গুমৰাগৰ চেৱত
দুই আঁঠু কঁপে কঁকাল ভাঙি ভাঙি
দুই ওঁঠত ধেনুভিৰীয়া হাঁহিৰে
গুঞ্জৰি আঁহে….
লঃলে লঃলে দাব লঃলে লঃলে
চিচুগ চুগব চুগব বদিয়া
ৰৗঙাম গামব গামব বদিয়া
ঢোলৰ চেৱত
কনেঙৰ কঁকাল ভাগে ভিন্ন ভংগীত
পুৰাঙৰ সুগন্ধি পঃৰঃ আপঙৰ ৰাগীত
হৃদয়ৰ অইনিঃতমে আকাশ কপাঁই
আৰু উলাহত ———
মতলীয়া ডেকাগাভৰুৱে গুমৰাগ নাচে
জীৱনৰ দুখ বিষাদ পাহৰি ৷