জোনমণি হাজৰিকা, ধেমাজি
ভ্ৰাম্যভাষ-৭০০২৯২২৪৭৪
বাখৰুৱা সপোনৰ স’তে ওমলি
পাৰ হয় উজাগৰী ৰাতি
তন্দ্রালস দুচকুত
জিক্মিক্ তৰালিৰ চাকি
নিৰলাত বাঁহীৰ মাত
গলি গলি সৰি পৰে
কলিজাৰ মৌ-কোঁহ
বতাহৰ সুহুৰিত
বাঢ়ি আহে লহ্পহকৈ
শিমলুফুলীয়া হেঁপাহ
ঋতুৱে শিকাই যায়
জীৱনৰ পাঠ
এতিয়া……
নৈ, জান, জুৰি
সাগৰ মাটি আকাশ
ধুমুহা বৰষুণ আৰু
ৰ’দৰ ঠিকনা সাৱটি
প্রত্যয়েৰে প্রোজ্জ্বল
অনন্ত পথৰ পথিক
মৃন্ময় যাত্ৰাৰ ।
